নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক সাক্ষাৎ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ভ্রমণসূচীৰ অন্তিম দিনা নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক সাক্ষাৎ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ সৈতে হোৱা এই সাক্ষাৎ কালত ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ তথা ভৱিষ্যতৰ উন্নয়নৰ পৰিকল্পনাৰ কথা অৱগত কৰে। একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰপতি মুৰ্মৰ সৈতে মুখ্যমন্ত্রী ড° শৰ্মাৰ এয়া আছিল প্রথম সাক্ষাৎ। সামাজিক মাধ্যম এক্সত ৰাষ্ট্ৰপতি ভৱনত হোৱা সাক্ষাতৰ বিষয়ত সবিশেষ ব্যক্ত কৰি মুখ্যমন্ত্রী ড° শৰ্মাই ৰাষ্ট্ৰপতি মুর্মুক ‘সাহস, ধৈৰ্য আৰু নেতৃত্বৰ প্ৰতীক’ বুলি অভিহিত কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক নতুন দিল্লীত পুনৰবাৰ সাক্ষাৎ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। অসাধাৰণ সাহস, ধৈর্য আৰু মানবীয় গুণসমৃদ্ধ নেতৃত্বৰে দেশক বাট দেখুৱাই লৈ যোৱা ৰাষ্ট্রপতিগৰাকীৰ সৈতে প্ৰতিটো সাক্ষাতত আমি সমৃদ্ধ হোৱাৰ লগতে গভীৰভাৱে অনুপ্রাণিত হওঁ। তেখেতৰ স্নেহ, আশীর্বাদ আৰু প্ৰেৰণাদায়ক বাৰ্তাই জনসেৱাৰ পথত নতুন উদ্যমেৰে আগবাঢ়িবলৈ শক্তি যোগায়। মুখ্যমন্ত্ৰীৰ দায়িত্ব পুনৰ গ্ৰহণৰ পিছতে অসমৰ উন্নয়নী যাত্ৰাৰ বিষয়ে তেখেতক অৱগত কৰাৰ সুযোগ পালোঁ। দেশৰ দ্রুততম বিকাশশীল ৰাজ্যসমূহৰ অন্যতম হিচাপে অসমে লাভ কৰা সফলতা আৰু অনাগত দিনত এই অগ্রগামী যাত্রাক অধিক গতিশীল কৰাৰ নীতি-পৰিকল্পনা সম্পর্কেও আলোচনা কৰিলোঁ। উল্লেখ্য যে দিল্লী ভ্ৰমণৰ অন্তিম দিনা মুখ্যমন্ত্রী ড° শৰ্মাই পেপছিক’ৰ মুখ্য কার্যবাহী বিষয়া জাগ্রুত কটেছাই সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত পেপছিক’ৰ সম্প্ৰসাৰণ সম্বন্ধীয় এক আলোচনা অনুষ্ঠিত হয়। আনহাতে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ বিভাগৰ লগতে ইলেকট্রনিক টেকন’লজি দপ্তৰৰ ৰাজ্য মন্ত্ৰী জিতীন প্ৰসাদৰ সৈতেও মুখ্যমন্ত্রী ড° শর্মা আন এক বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ ইলেকট্রনিক টেকন’লজি ক্ষেত্ৰখনৰ বিকাশৰ সন্দৰ্ভত আলোচনা কৰা হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে অসমত পেপছিক’ৰ চলি থকা বিনিয়োগ আৰু ব্যাৱসায়িক কার্যকলাপৰ অগ্ৰগতিৰ লগতে আগন্তুক দিনত কোম্পানীটোৱে ৰাজ্যখনত নিজৰ উদ্যোগ সম্প্ৰসাৰণৰ যি পৰিকল্পনা গ্রহণ কৰিছে, সেই বিষয়ে আজিৰ বৈঠকত বিস্তৃত আলোচনা কৰা হয়। আনহাতে পাঁচদিনীয়া দিল্লী ভ্রমণ সামৰি বুধবাৰৰ বিয়লি অসমলৈ উভতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। এই সন্দর্ভতো সামাজিক মাধ্যমযোগে সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, দিল্লী ভ্ৰমণ সফলতাৰে সামৰি আজি পুনৰ অসম অভিমুখে ৰাওনা হৈছোঁ৷ ৰাজ্যৰ মুখ্য সেৱক হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পাছত এয়া আছিল মোৰ প্ৰথমটো দিল্লী ভ্ৰমণ৷ বিশেষ দিনকেইটাত মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়ানী, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াকে ধৰি পৰম শ্ৰদ্ধাৰ নেতৃবৃন্দক সাক্ষাৎ কৰি কিছু সুন্দৰ সময়ৰ সাক্ষী হ’লোঁ৷ ভিন্ন সময়ত তেখেতসকলে যচা শুভেচ্ছা, আশীৰ্বাদ আৰু অমূল্য সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰো সৌভাগ্য লাভ কৰিলোঁ। লগতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু গোটৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত হৈ আনন্দিত হ’লোঁ৷ অহা ৫ বছৰত দ্বৈত ইঞ্জিন চৰকাৰে অসমৰ উন্নয়নী যাত্ৰাক অধিক গতি প্ৰদান কৰাৰ লগতে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণত এই দিল্লী ভ্ৰমণে বহুখিনি আশাৰ বতৰা কঢ়িয়াব বুলি মই অত্যন্ত বিশ্বাসী৷
