ভাৰতে কাবুলৰ পৰা ১৬৮ জন লোকক আনে
অনলাইন বাৰ্ত্তাসেৱা– আফগানিস্তানৰ পৰা ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানযোগে ১৬৮ জন লোকক ভাৰতলৈ অনা হৈছে। দিল্লীৰ সমীপৰ হিন্দন বায়ুসেনা ঘাটিত অৱতৰণ কৰা এই বিশেষ বিমানখনত আছে ১০৭ জন ভাৰতীয়ৰ লগতে ২৪ জন আফগান শিখ আৰু আফগান ছিনেটৰ। এই লোককেইজনক বাংলো চাহেব গুৰুদ্বাৰলৈ স্থানান্তৰ কৰা হʼব বুলি কোৱা হৈছে। কাবুলৰ পৰা অনা এই লোকসকলৰ অধিকেই কিছুদিন ধৰি এটা গুৰুদ্বাৰত আছিল। আজি পুৱা এয়াৰ ইণ্ডিয়া, ইণ্ডিগো আৰু ভিষ্টাৰৰ তিনিখন বিমানে কাবুলৰ পৰা যাত্ৰী লৈ দিল্লীত অৱতৰণ কৰে। তাজিকিস্তানৰ ৰাজধানী ডুচানবি আৰু কাটাৰৰ ডোহা হৈ দিল্লীত অৱতৰণ কৰে এই বিমান কেইখন।
(RT)