শিৱসাগৰত অ’এনজিচিৰ বিৰুদ্ধে গৰজি উঠিল সদৌ টাই আহোম ছাত্ৰ সন্থা
ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড, চমুকৈ অ’এনজিচিৰ বিৰুদ্ধে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল। অ’এনজিচিৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আটাছুৰ। অ’এনজিচিয়ে সাম্প্রতিক সময়ত থলুৱাবিৰোধী নীতি গ্রহণ কৰাত গৰজি উঠিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি। এখন সংবাদ মেলত সংগঠনটোৰ সভাপতি বসন্ত গগৈয়ে কয় যে অ’এনজিচিৰ এই থলুৱাবিৰোধী নীতিৰ বাবে বৰ্তমান সময়ত শিৱসাগৰকে ধৰি কেইবাখনো জিলাত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে। শিৱসাগৰতে খনন আৰু উৎপাদন কৰি মুনাফা আদায় কৰি অহা অ’এনজিচিয়ে বিগত দহটা বছৰে নিযুক্তিৰ পথ মুকলি কৰা নাই। দহ বছৰ আগত অ’এনজিচিৰ কৰ্মচাৰী আছিল প্রায় ১০ হাজাৰ। কিন্তু আজি দহ বছৰৰ পিছত অ’এনজিচিত দুহাজাৰতকৈ কম কৰ্মচাৰী আছে। তেওঁ কয় যে নতুন নিযুক্তি সন্দর্ভত অ’এনজিচিয়ে ক’ব বিচাৰে যে উৎপাদন হ্রাস পোৱাৰ বাবে তেওঁলোকে নতুন নিযুক্তি দিব পৰা নাই। আজিৰ সময়ত যি উৎপাদন হৈছে, আজিৰ পৰা দহ বছৰৰ পূর্বেও অ’এনজিচিয়ে খননৰ জৰিয়তে সেই একেই উৎপাদনেই কৰিছিল। তেতিয়াৰ দহ হাজাৰ কৰ্মচাৰীয়ে যি উৎপাদন কৰিছিল বৰ্তমান দুহাজাৰ কৰ্মচাৰী থকাৰ সময়তো উৎপাদন একেই আছে। কিন্তু অ’এনজিচিৰ কর্তৃপক্ষই স্থানীয়ভাবে উৎপাদন হ্রাস পোৱাৰ অজুহাতত নিযুক্তি দিব পৰা নাই বুলি কোৱাৰ বিপৰীতে অতি চতুৰালিৰে বহিঃৰাজ্যৰ লোকক গোপনে নিযুক্তি দিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। আনকি এই নিযুক্তিৰ বাবে অ’এনজিচিয়ে কোনো সাক্ষাৎকাৰ অনুষ্ঠিত নকৰি থলুৱা শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক এই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে। এয়াই স্পষ্টভাৱে প্রমাণিত হৈছে যে অ’এনজিচিয়ে উৎপাদন একেই থকাৰ পিছতো থলুৱাবিৰোধী নীতি গ্রহণ কৰিছে। অ’এনজিচিৰ থলুৱাবিৰোধী এনে নীতিক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি তেওঁ স্পষ্ট কৰি দিছে। ইয়াৰ লগতে তেওঁ কয় যে অ’এনজিচিয়ে অতি চক্রান্তৰে শিৱসাগৰৰ পৰা তেওঁলোকৰ মূল কাৰ্যালয়বিলাক ডেৰাডুনলৈ স্থানান্তৰিত কৰিছে। লক্ষণীয় বিষয় যে ডেৰাডুনত অ’এনজিচিৰ কোনো তৈলক্ষেত্র নথকাৰ পিছতো কার্যালয়সমূহ অ’এনজিচিয়ে ডেৰাডুনলৈ স্থানান্তৰিত কৰিছে। আনকি পূর্বতে শিৱসাগৰত কোটি কোটি টকাৰ নিবিদা গ্ৰহণ কৰা বিভাগটোক শিৱসাগৰৰ পৰা স্থানান্তৰিত কৰা হৈছে। অ’এনজিচিৰ বিত্তীয় বিভাগটো পর্যন্ত স্থানান্তৰিত কৰা হৈছে। অ’এনজিচিয়ে তেওঁলোকৰ কাৰ্যালয় বুলি এতিয়া শিৱসাগৰত নামত এটা কেৱল জঁকা ৰাখি থৈছে। অ’এনজিচিৰ এনে সিদ্ধান্তক অসমৰ ৰাইজে কোনো কাৰণতে মানি নলয়। যিহেতু কার্যালয়সমূহ এটা এটাকৈ স্থানান্তৰিত কৰি অ’এনজিচিয়ে থলুৱা শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ সম্পূৰ্ণৰূপে অ’এনজিচিত নিযুক্তি বন্ধ কৰি দিয়াৰ পৰিকল্পনা কৰিছে। থলুৱাবিৰোধী স্থিতি গ্ৰহণ কৰি অসমত খনন আৰু উৎপাদন চলাই যোৱা অ’এনজিচিৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে সদৌ টাই আহোম ছাত্র সন্থাই অ’এনজিচিৰ থলুৱাবিৰোধী ভূমিকাৰ বাবে আগন্তুক সময়ত অসমৰ সকলো স্তৰৰ লোকক লগত লৈ অ’এনজিচিৰ বিৰুদ্ধে সর্বাত্মক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বুলিও সভাপতি বসন্ত গগৈয়ে সংবাদ মেলত স্পষ্ট কৰি দিছে।
