সোমনাথ মন্দিৰৰ  ৭৫সংখ্যক বর্ষপূৰ্তিৰ অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সোমনাথ মন্দিৰৰ  ৭৫সংখ্যক বর্ষপূৰ্তিৰ অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  জৰাটৰ ঐতিহাসিক সোমনাথ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত সোমনাথ অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে আজি পুৱা দহ বজাত হেলিপেডৰ পৰা তেওঁ সোমনাথ মন্দিৰলৈ প্ৰায় এক কিল’মিটাৰ পথ ৰ’ড শ্ব’ কৰে। প্ৰধানমন্ত্ৰীৰ ৰ’ড শ্ব’ত বৃহৎ সংখ্যক লোকে অংশ গ্রহণ কৰে। ইয়াৰ পাছত প্রধানমন্ত্রীয়ে এখন জনসভাত অংশ গ্রহণ কৰে। প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূর্তিত পুষ্পাঞ্জলি অর্পণ কৰে। ইয়াৰ পাছত তেওঁ প্রথম জ্যোতির্লিংগ সোমনাথ মহাদেৱৰ পাৱন দৰ্শন কৰে আৰু বিধিবদ্ধভাৱে পূজা-অৰ্চনা কৰে। সোমনাথ মন্দিৰ চৌহদক অমৃত পর্ব উপলক্ষে সুন্দৰকৈ সজাই-পৰাই তোলা হয়। প্রধানমন্ত্ৰীক আদৰণি জনোৱাৰ বাবে সজাই তোলা মন্দিৰ চৌহদত ওড়িশাৰ বলুকা শিল্পী নাৰায়ণ সাহু আৰু সুব্রতা মহাৰানাই বালিৰে ভগৱান শিৱ আৰু মন্দিৰৰ সুন্দৰ ভাস্কৰ্য প্রস্তুত কৰে। প্ৰধানমন্ত্ৰীক ৭৫টা ঢোল, শংখ আৰু ডম্বৰু বজাই আদৰণি জনোৱা হয়। ইয়াৰ লগতে পৰম্পৰাগত বেশভূষাত ১০০ গৰাকী কন্যাই ‘কলহ নৃত্য’ পৰিৱেশন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সোমনাথ মন্দিৰত মহাপূজাত অংশ গ্ৰহণ কৰে আৰু বিশেষ যজ্ঞত আহুতি দিয়ে। ইয়াৰ পাছত কুম্ভাভিষেক তথা ধ্বজাৰোহণ সম্পন্ন কৰা হয়। ই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আৰু ধ্বজাৰোহণৰ ৰীতিৰ প্ৰতীক। বৈদিক মন্ত্রোচ্চাৰণৰ মাজত প্রধানমন্ত্রীয়ে ১১খন প্রসিদ্ধ তীৰ্থৰ পৰা অনা পৱিত্ৰ জলেৰে মন্দিৰৰ কুম্ভাভিষেক সম্পন্ন কৰে। ৯০ মিটাৰ উচ্চতাৰ ক্ৰেনৰ সহায়ত মন্দিৰৰ শীৰ্ষত কলহ স্থাপন কৰা হয়।

ইয়াৰ পাছত এখন হেলিকপ্টাৰেৰে মন্দিৰত ফুলৰ বৰ্ষণ কৰে। আনহাতে বায়ু সেনাৰ সূৰ্যকিৰণ দলে মন্দিৰৰ ওপৰত প্ৰায় ১৫ মিনিট কলা কৌশল প্ৰদৰ্শন কৰে। সূৰ্যকিৰণ দলে জামনগৰ বায়ু সেনাৰ ষ্টেছনৰ পৰা উৰণ আৰম্ভ কৰে আৰু প্ৰায় ১৮২ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰি ১৮ মিনিটত সোমনাথ মন্দিৰত উপস্থিত হয়। ইয়াৰ পাছত হক এম কে-১৩২ বিমানে আকাশত কলা কৌশল প্রদর্শন কৰে।  সোমনাথ মন্দিৰে ভাৰতৰ চিৰচেতনা আৰু সভ্যতাকেন্দ্ৰিক সুস্থিৰতা প্ৰতিফলিত কৰিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়- সোমনাথ মন্দিৰ প্ৰথম ধ্বংসৰ ১০০০ বছৰৰ পিছতে ই অবিনাশী আৰু আজি আধুনিক ৰূপৰ প্ৰাণ প্রতিষ্ঠাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত হাজাৰ হাজাৰ অমৰযাত্ৰাৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ পাইছিল। প্রধানমন্ত্রীয়ে দৃঢ়তাৰে কয়- ১৯৪৭ চনত ভাৰত স্বাধীন হ’লেও ১৯৫১ চনত পুনৰুজ্জীৱিত সোমনাথ মন্দিৰৰ প্ৰাণ প্রতিষ্ঠাৰে ভাৰতৰ স্বাধীন চেতনাক জগাই তুলিছিল। ভাৰতৰ স্বাধীনতাৰ মাত্র ৪ বছৰৰ পিছত মন্দিৰৰ পুনর্নিৰ্মাণৰ তাৎপৰ্যৰ কথা ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ ৫০০খন ৰাজকীয় ৰাজ্য ৰাজনৈতিকভাৱে একত্ৰীকৰণ আৰু সোমনাথৰ পুনর্নির্মাণৰ দৃঢ়তাৰ মাজত উল্লেখযোগ্য মিল আছিল বুলি উল্লেখ কৰে। তেওঁ কয়- যেতিয়া দেশে নিজকে বিদেশীৰ বান্ধোনৰ পৰা মুক্ত কৰিছিল, তেতিয়া সোমনাথৰ পুনৰ উদ্ধাৰে একে সময়তে বিশ্ববাসীক ঘোষণা কৰিছিল যে ভাৰত কেৱল স্বাধীন নহয়, ইতিমধ্যে ই নিজৰ প্ৰাচীন গৌৰৱ পুনৰ লাভ কৰিছে। তেওঁ লগতে কয়- সোমনাথ অমৃত মহোৎসৱ কেৱল এক অতীতৰ উদ্যাপন নহয়। ই আগন্তুক হাজাৰ হাজাৰ বছৰৰ বাবে ভাৰতৰ বাবে প্ৰেৰণাস্বৰূপ। আক্ৰমণকাৰীয়ে সোমনাথক ভৌতিক অট্টালিকাৰ বাহিৰে একো নহয় বুলি আক্ৰমণ কৰিছিল। কিন্তু ইয়াত শিৱ আৰু শক্তিক একেলগে কৰা পূজাই বাৰম্বাৰ ধ্বংস হোৱাৰ পিছতো মন্দিৰে ঠন ধৰি উঠা দিশটোৱে ঐশ্বৰিক শক্তিকে সূচায় বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে। তেওঁ কয়- আমি এই সংকল্প বাস্তৱায়িত হোৱা দেখিবলৈ পাইছোঁ। আমাৰ শিৱ আৰু শক্তি পূজাও দেশৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰেৰণাৰ উৎস হোৱা উচিত। মন্দিৰটোৰ হাজাৰ বছৰীয়া ধ্বংসৰ কাহিনী আৰু পুনৰুজ্জীৱিতৰ সন্দৰ্ভত এক সজীৱ ইতিহাস দাঙি ধৰে প্রধানমন্ত্রীয়ে। মহম্মদ গজনী আৰু আলাউদ্দিন খিলজীৰ দৰে আক্ৰমণকাৰীয়ে বাৰম্বাৰ সোমনাথত আক্ৰমণ কৰিছিল। কিন্তু প্রতিবাৰেই তেতিয়াৰ শাসক, ভক্তগণে সোমনাথক পুনৰুজ্জীৱিত কৰি তুলিছিল।

ৰাজা ভোজ, প্রথম ভীমদেৱ, কুমাৰ পাল, প্রথম মহীপাল আৰু ৰাও খংগ্ৰেই প্রত্যেকেই এক অপ্ৰতিৰোধ্য আধ্যাত্মিক আহ্বানৰ প্ৰত্যুত্তৰ দি মন্দিৰটো বাৰে বাৰে নিৰ্মাণ কৰিছিল। কেৱল কংক্রিটৰ নির্মাণ বুলি ভবাসকলে আমাৰ সভ্যতাৰ বৌদ্ধিক আৰু আধ্যাত্মিক শক্তিক কেতিয়াও বুজি পোৱা নাছিল। প্রধানমন্ত্রীয়ে জাতিটোৰ সংস্কৃতিৰ পুনৰুদ্ধাৰক কেন্দ্ৰ কৰি প্ৰবাস পাটন অঞ্চলত পৱিত্ৰ ঐতিহ্য সংৰক্ষণ কৰা ঋষি লাকুলিচা আৰু সোমা শৰ্মাৰ দৰে ব্যক্তিসকলৰ অৱদানৰ কথাও স্বীকাৰ কৰে। ভাৰতৰ বিশাল সাংস্কৃতিক উত্তৰাধিকাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে হাজাৰ হাজাৰ বছৰ ধৰি ঐতিহাসিক সাংস্কৃতিক স্থানসমূহে ভাৰতৰ পৰিচয় বহন কৰি আহিছে। প্রধানমন্ত্রীয়ে লগতে কয় যে সোমনাথে এক সংহত উন্নয়নৰ ৰেখাপাত কৰে। একে সময়তে এক আধ্যাত্মিক কেন্দ্র আৰু শশ পৰিয়াল তথা হাজাৰ হাজাৰ জীৱিকাৰ উপকাৰিতাৰ এক অৰ্থনীতিৰ ইঞ্জিন হৈ পৰিছে। তেওঁ কয়- এই মন্দিৰটোৱে বিশ্বৰ প্ৰতিটো কেন্দ্ৰৰ মানুহক আকৰ্ষণ কৰে। ভৱিষ্যৎ প্রজন্মৰ প্ৰতি আহ্বান জনাই প্রধানমন্ত্রীয়ে কয় যে ৭৫ বছৰৰ পূর্বে সোমনাথত এক পৰিৱৰ্তনশীল যাত্ৰা আৰম্ভ হৈছিল। আজি সেই যাত্ৰাই আমাৰ সন্মুখত অধিক বিস্তৃত ৰূপত ধৰা দিছে। আমি ইয়াক আমাৰ পৰম্পৰাত শিপাই ৰাখি অধিক উচ্চতালৈ লৈ যাব লাগিব। এটা জাতি শিপাৰ সৈতে সংযুক্ত হৈ থাকিলেহে নিজৰ শক্তি বজাই ৰাখিব পাৰি বুলিও কয় প্রধানমন্ত্রীয়ে।