অন্তিম যাত্ৰাৰ সময়ত
এছ ইছলাম, শিক্ষক
পঃ মইনবৰী, বৰপেটা
অন্তিম যাত্ৰাৰ সময়ত
পিতৃ-মাতৃয়ে নেকান্দিব
সিহঁতে যে অগ্ৰগামী!
ল’ৰাই কান্দিব
বোৱাৰী- জীয়ৰীয়ে কান্দিব
সিহঁতে যে স্বাৱলম্বী!
গাওঁবাসীয়ে কান্দিব
সিহঁতেও যে ক্ষতিগ্রস্ত নহয়।
তুমি কিয় কান্দিবা
নেকান্দিবা
কান্দিলে মোৰ হৃদয়ত
আঘাত লাগিব
নেকান্দিবা প্ৰিয়া ,নেকান্দিবা!
শুভ্ৰ পোছাক পৰিধান কৰি
আঁতৰ ছটিয়াই দিবা তুমি
প্ৰকাশিত পুথিবোৰ
দেশ মাতৃৰ নামত উচৰ্গা কৰিবা
হতাশ নহ’বা
হাঁহিমুখে বিদায় দিবা
মোৰ আধৰুৱা কামখিনি
পাৰিলে সমাধা কৰিবা
শান্তি পাব মোৰ আত্মাই
প্ৰিয়া, শান্তি পাব।
