নিশা তিনি বজালৈ বাৰত সুৰাপান কৰিছিল তিনি যুৱতীসব ছামিমে
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২৫ এপ্ৰিলৰ পুৱতিনিশা মহানগৰীৰ মঠঘৰীয়াত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাটোত প্রাণ হেৰুৱাইছিল আমিনা আহমেদ, পূজা সাহা আৰু আকাংক্ষা শইকীয়া নামৰ তিনিগৰাকী যুৱতীয়ে। শিহৰণকাৰী দুর্ঘটনাটোক লৈ বিভিন্ন মহলত বহু চর্চা অব্যাহত থকাৰ সময়তে মহানগৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ভয়াৱহ দুর্ঘটনাটোৰ আঁৰৰ প্ৰকৃত কাৰণ। বন্ধু ছামিম আহমেদৰ সৈতে নিশা তিনি বজালৈ ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলৰ এক্সৰ’ বাৰত সুৰাপান কৰিছিল তিনি যুৱতীয়ে।ঘটনাটোক লৈ চৌদিশে চর্চা চলি থকাৰ সময়তে সংবাদ মেলযোগে এই কথা সদৰী কৰিছে যান-বাহন আৰক্ষীৰ ডিচিপি জয়ন্ত সাৰথি বৰাই। তেওঁ কয় যে দুর্ঘটনা সংঘটিত কৰা গাড়ীখনৰ প্ৰকৃত গৰাকী ধেমাজিৰ পংকজ কুমাৰ দত্ত। প্রকৃত গৰাকী দত্তই গুৱাহাটীৰ ভাৰ্গৱ ডেকা নামৰ যুৱকজনক নিজৰ গাড়ীখন ভাৰাত দি থৈছিল। ২৫ এপ্ৰিলৰ আগবেলা ছামিম আহমেদে ভার্গৱ ডেকাৰ পৰা গাড়ীখন নিশাটোৰ বাবে বিচাৰিছিল। সেই সময়ত গাড়ীখন আকাশ দে’ নামৰ এজন লোকৰ ওচৰত আছিল আৰু ভাৰ্গৱ ডেকাই গাড়ীখন উক্ত লোকজনক তেওঁৰ বন্ধু এজনৰ প্রয়োজন বুলি কৈ দিব কৈছিল। অৱশ্যে গাড়ীখন দিয়াৰ সময়ত ছামিম আহমেদক গাড়ীখনৰ এটা ভিডিঅ’ কৰি দিব কৈছিল। সেইমর্মে সকলো নিয়ম সম্পূৰ্ণ কৰি তিনি যুৱতীসহ গাড়ীখন লৈ ওলাই গৈছিল ছামিম আহমেদ। ঘটনাটো সংঘটিত হোৱাৰ পাছতে পলাতক হৈ থকা ছামিম আহমেদক ডিব্ৰুগড়ৰ লাহোৱালত সোমবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত মঙলবাৰে গুৱাহাটীলৈ অনা হয়। ডিচিপি বৰাই কয় যে ২৫ এপ্ৰিলৰ নিশা বিভিন্ন ঠাইত গাড়ীখন চলিছিল। কিন্তু নিশা ১১ বজাৰ পৰা পুৱতিনিশা তিনি বজালৈ গাড়ীখন একে স্থানত ৰখাই থোৱা আছিল। উল্লেখ্য যে গাড়ীখনত থকা জিপিএছ সংযোগৰ আঁত ধৰি আৰক্ষীয়ে এই তথ্যসমূহ লাভ কৰাৰ লগতে মূল অভিযুক্ত ছামিম আহমেদকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ডিচিপি বৰাই সদৰী কৰা মতে, নিশা ১১ বজাত সেইদিনা গাড়ীখন ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলৰ পাৰ্কিঙত ৰখাই থোৱা আছিল। জিপিএছৰ পৰা পোৱা তথ্যৰ ভিত্তিত আৰক্ষীয়ে মলখনত অনুসন্ধান চলোৱাত তাত থকা এক্সৰ’ বাৰত তিনিওগৰাকীয়ে প্ৰৱেশ কৰাৰ তথ্য লাভ কৰিছিল। নিশা ১১ বজাৰ পৰা তিনি বজালৈ চাৰিওজনে মিলি মুঠ ১৯ হাজাৰ টকাৰ সুৰা সেৱন কৰিছিল। তাৰ পাছতে তিনি বজাত গাড়ীখন ভঙাগড়ৰ পৰা জিএছ ৰোড, আৰজি বৰুৱা ৰোড আৰু মণিৰাম দেৱান পথত চলাচল কৰাৰ তথ্য আৰক্ষীয়ে পাইছে। সেই সময়ছোৱাত উদণ্ড চালক ছামিম আহমেদে ইমানেই তীব্র বেগত চলাইছিল যে গাড়ীখনৰ গতিবেগ প্রতি ঘণ্টাত ১৩৫ কিলোমিটাৰ পৰ্যন্ত উঠিছিল বুলি ডিচিপি বৰাই সদৰী কৰিছে। ইমান তীব্র বেগত গাড়ী এখন চলালে যিকোনো অঘটন হোৱাটো প্রায় নিশ্চিত। শেষত সেয়াই সংঘটিত হ’ল। ভয়াৱহ দুর্ঘটনাটো হোৱাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও মানুহৰ ভিৰৰ সুযোগ লৈ তাৰ পৰা নিৰ্বিঘ্নে পলায়ন কৰিছিল ছামিম আহমেদে। ২৬ এপ্ৰিলৰ পুৱাৰ ভাগত গুৱাহাটীৰ পৰা শ্বিলঙলৈ পলায়ন কৰিছিল ছামিম আহমেদে। তাৰ পিছতে শিৱসাগৰ আৰু শেষত ডিব্ৰুগড়ত আত্মগোপন কৰিছিল অভিযুক্ত ছামিম আহমেদে। আৰক্ষীৰ গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ডাঢ়ি খুৰাই নিজৰ ৰূপ সলাবলৈ চেষ্টা কৰিছিল। ভয়ানক দুর্ঘটনাটোৰ পাছতে যান-বাহন আৰক্ষীয়ে সকলো লোককে নিশাৰ ভাগত গাড়ী চলোৱাৰ ক্ষেত্ৰত সাৱধান হ’বলৈ আহ্বান জনাইছে। উদণ্ড চালকৰ বিৰুদ্ধে প্রয়োজনত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল’বলৈও কুণ্ঠাবোধ নকৰে বুলি তেওঁ সংবাদ মেলত উল্লেখ কৰে।
