উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নতুন নিয়ম

Pc Free Press Journal

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নতুন নিয়ম

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন শিক্ষানীতিৰ অধীনত অসম ৰাজ্যিক বিদ্যালয় শিক্ষক পৰিষদে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণসকলৰ বাবে নতুন নীতি-নিয়মৰ যোগেদি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে। সেই অনুসৰি আগন্তুক বৰ্ষৰ পৰা হ’বলগা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্র-ছাত্রী বা পৰীক্ষাৰ্থীসকলে সকলো বিষয়তে উত্তীর্ণ হ’বলৈ প্রতিটো বিষয়তে পাব লাগিব ৩৩ নম্বৰকৈ। নতুন নিয়ম অনুসৰি পৰীক্ষাৰ্থীসকলে ৫টা বিষয়ৰ এটা বা ৬টা বিষয়ৰ দুটা বিষয়ত পাছ নকৰিলেও ২০২৭ চনৰ পৰীক্ষাত নিয়মীয়া পৰীক্ষার্থী হিচাপে অৱতীৰ্ণ হ’ব পাৰিব। এই কথা সদৰী কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰ চি জৈনে। মঙলবাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰি পৰিষদৰ অধ্যক্ষগৰাকীয়ে আগন্তুক বৰ্ষৰ পৰা হ’বলগা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কেতবোৰ নীতি-নিয়ম আৰু সুবিধা-অসুবিধাৰ বিষয়ে বিস্তৃতভাৱে সদৰী কৰে। বিষয়াগৰাকীয়ে কয় যে পূর্বে বিভিন্ন বিষয়ত উত্তীৰ্ণৰ নম্বৰ নিৰ্দিষ্ট আছিল। এতিয়া সকলো বিষয়তে পৰীক্ষার্থীয়ে উত্তীৰ্ণৰ বাবে ৩৩ নম্বৰকৈ পাব লাগিব। আনহাতে এতিয়াৰ পৰা পৰীক্ষাৰ্থীয়ে মুঠ ৬টা বিষয়ত দিব লাগিব পৰীক্ষা। পৰিষদৰ অধ্যক্ষ আৰ চি জৈনে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে পূর্বে যদি কোনোবাই অনুত্তীর্ণ হয় বা যদি পুনৰ পৰীক্ষা দিয়ে, তেতিয়া তেওঁলোকক নিয়মীয়া পৰীক্ষাৰ্থী হিচাপে নধৰে। তেওঁলোকৰ স্কুলত নাম নাথাকে। সেইকাৰণে ২০২৭ বৰ্ষৰ পৰা পৰিষদে ছাত্ৰ-ছাত্ৰীৰ আইপি, এনআইপি আদিৰ ব্যৱস্থা কৰা নাই। সকলো ছাত্রকে নিয়মীয়া ছাত্ৰ হিচাপে বিবেচনা কৰা হ’ব। যিসকল ছাত্রই ৫টা বিষয়ৰ পৰীক্ষাৰ এটা বিষয়ত অনুত্তীর্ণ হয় বা ৬টা বিষয়ৰ দুটাত অনুত্তীর্ণ হয় তেওঁলোকে ২০২৭ চনৰ পৰীক্ষাত নিয়মীয়া পৰীক্ষাৰ্থী হিচাপে পৰীক্ষা দিব পাৰিব। তাৰ উপৰি যদি কোনো পৰীক্ষার্থীয়ে আগৰ পৰীক্ষাৰ ফলাফল ভাল কৰিব বিচাৰে তেওঁলোকেও পৰীক্ষা দিব পাৰিব। ২০২৭ চনৰ পৰা পৰীক্ষা পৰিষদে বিশেষ পৰীক্ষা হিচাপে বিবেচনা কৰিছে। অৰ্থাৎ কোনো ছাত্র-ছাত্রীয়ে যদি বেটাৰমেন্ট দিব বিচাৰে বা এটা বিষয়ত বেটাৰমেণ্ট দিব বিচাৰে, তাকো পৰীক্ষাৰ্থীসকলে দিব পাৰিব। প্রথম পৰীক্ষা অনুষ্ঠিত কৰাৰ দুমাহ পিছত পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব। আনহাতে পৰীক্ষাত দুটাতকৈ বেছি বিষয়ত বেয়া কৰা ছাত্ৰ-ছাত্ৰীসকলে পুনৰ নামভৰ্তি কৰিব লাগিব। পুনৰ নামভৰ্তি কৰিলে তেওঁলোকে পুনৰ পৰীক্ষা দিব পাৰিব। পৰীক্ষাৰ্থীসকলৰ পুনৰ নামভৰ্তিকৰণৰ বাবে পৰিষদে অহা দুসপ্তাহৰ ভিতৰত এটা প’ৰ্টেল মুকলি কৰিব। পৰিষদৰ অধ্যক্ষগৰাকীয়ে সদৰী কৰে যে এতিয়া কোনো ছাত্র-ছাত্রীয়ে পূর্বে যি প্রতিষ্ঠানত পঢ়িছিল, সেই প্ৰতিষ্ঠানৰ পৰাই পুনৰ নামভৰ্তি কৰিব বুলি কোনো ধৰা-বন্ধা নিয়ম নাই। তেওঁ যিকোনো শিক্ষা প্রতিষ্ঠানতে নামভৰ্তি কৰি পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো দক্ষতা বিষয়ক পৰীক্ষাৰ ব্যৱস্থা আছে আৰু ইয়াৰ প্ৰমাণ-পত্ৰ দিয়া হ’ব। অর্থাৎ যিসকল ছাত্র-ছাত্রীয়ে ‘দক্ষতা’ বিষয় পঢ়িছিল তেওঁলোকে চূড়ান্ত পৰীক্ষাত পাছ কৰক বা নকৰক, যদিহে উক্ত বিষয়ত ভাল ফলাফল লাভ কৰে তেন্তে সেই বিষয়ৰ প্ৰমাণ-পত্ৰ লাভ কৰিব। যদি কোনো ছাত্র-ছাত্রীয়ে দুয়োটা বিষয়তে ভাল ফলাফল দেখুৱায় তেন্তে তেওঁলোকে দক্ষতাৰ প্ৰমাণ-পত্ৰখনৰ লগতে চার্টিফিকেট কাম মার্কশীটৰ পৃথক প্রমাণ-পত্ৰও লাভ কৰিব। সংবাদ মেলত পৰিষদৰ উপাধ্যক্ষ ৰৰ্ম্ম গোহাঁয়ে সদৰী কৰে যে নতুন শিক্ষানীতি অনুসৰি উচ্চতৰ মাধ্যমিক শ্রেণীত সমগ্র বিষয়সমূহ তিনিটা গোটত ভাগ কৰা হৈছে। ইয়াত ৮৬টাতকৈও অধিক বিষয় থাকিব। ‘ক’ শাখাত ইংৰাজী, অসমীয়া তথা অন্যান্য ভাষিক বিষয়ৰ লগতে ঐছিক ইংৰাজী বিষয়টো থাকিব। আনহাতে ‘খ’ শাখাত কলা, বিজ্ঞান, বাণিজ্যৰ সকলো বিষয় থাকিব। ‘গ’ শাখাত সকলো দক্ষতা বিষয়ক পাঠ্যক্রম বা বৃত্তিমুখী বিষয়সমূহ থাকিব। কলা শাখাৰ ছাত্ৰই দক্ষতা বিষয়ক বা বৃত্তিমুখী বিষয়সমূহৰ যিকোনো এটা বিষয় অধ্যয়ন কৰাটো বাধ্যতামূলক। ছাত্র-ছাত্ৰীসকলে সাধাৰণ বিজ্ঞানৰ বিষয়টোও পাঠ্যক্ৰমৰ সপ্তম বিষয় হিচাপে গ্রহণ কৰিব লাগিব।  ইপিনে দ্বাদশ শ্ৰেণীত সাত নম্বৰৰ বিষয় হিচাপে সাধাৰণ জ্ঞানৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে । তেওঁ লগতে কয়, ‘‘জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ‘বৈচিত্ৰময় অসম’ত জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰা হৈছে৷ নৱম, দশম শ্ৰেণীৰ পাঠ্যক্ৰমত এয়া অন্তৰ্ভুক্ত হ’ব । পৰীক্ষাৰ মুঠ নম্বৰৰ ভিতৰত ৫ নম্বৰ সেই কিতাপৰ পৰা আহিব । প্ৰতিবছৰে প্ৰশ্ন অহাটো ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক । আনহাতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ আধুনিক ভাৰতীয় ভাষা বিষয়ৰ পাঠ্যপুথিত জুবিন গাৰ্গৰ বিষয়ে সন্নিৱিষ্ট থাকিব ।’’