শ্যামকানুৰ পত্নীৰ মন্তব্যৰ প্ৰতিক্রিয়া প্ৰকাশ গৰিমা গাৰ্গৰ

শ্যামকানুৰ পত্নীৰ মন্তব্যৰ প্ৰতিক্রিয়া প্ৰকাশ গৰিমা গাৰ্গৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি ফাষ্টট্ৰেক আদালতত চলি আছে ।মঙলবাৰে  ফাষ্টট্রেক আদালতত অনুষ্ঠিত দৈনিক শুনানিত উপস্থিত থাকি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্তৰ শেহতীয়া মন্তব্যক লৈ প্রতিক্রিয়া প্রকাশ কৰে।অনিতা ডেকা মহন্তই দাবী কৰিছিল যে তেওঁৰ স্বামী শ্যামকানু মহন্তই জুবিন গাৰ্গক বিশ্বজুৰি পৰিচয় কৰাই দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। গৰিমাই সংবাদ মাধ্যমৰ আগত অনিতা ডেকা মহন্তৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়-  জুবিনে ভাল সকলোকে পাইছিল, মৰম কৰিছিল আৰু নিজতকৈ বেছি সকলোকে বিশ্বাস কৰিছিল । যিটো জুবিন আৰু মোৰ বাবে সকলোতকৈ বেছি ভুল আছিল । আমাৰ মানুহ চিনি পোৱাত দেৰি হ’ল, যেতিয়া দুৰ্ঘটনাটো হৈ গ’ল । ভাৰতীয় ন্যায় ব্যৱস্থা, অসমৰ চৰকাৰ, পুলিচ প্ৰশাসন আৰু গোটেই ৰাইজে যিখিনি বস্তু দেখিছে এই গোটেই কথাখিনি হোৱাৰ পাছত কোনোবাই এনেয়ে কাৰোবাক জে’লত ভৰাই থব নেকি ? এইটো প্রশ্ন তেওঁ নিজেই নিজক কৰক । আনহাতে, জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা সন্দৰ্ভত অনিতা ডেকা মহন্তই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিমা গাৰ্গে কয়, জুবিন গাৰ্গক নতুনকৈ পৰিচয় কৰাই দিয়াৰ কোনো প্রয়োজন নাই।জুবিন গাৰ্গ অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ এটা সূর্য আছিল। ৩০ বছৰে তেওঁ যি অৱদান আগবঢ়াইছে, তাৰ পিছত তেওঁক চিনাকি কৰাই দিয়াৰ প্ৰয়োজন আছিল জানো? কোনে কাক ক’ত পৰিচয় কৰাইছে, সেই কথা অসমৰ ৰাইজে ভালদৰে জানে। সংবাদ মাধ্যমৰ সন্মুখত তেওঁ আৰু কয়- “ৰাইজে ভিডিঅ’ত সকলো দেখাৰ পিছত কোনোবাই এনেই কাৰোবাক জে’লত ভৰাই থ’ব নেকি? সেই প্রশ্নটো নিজকে সোধা উচিত। এনেই কোনেও কাকো জে’লত ভৰাই নথয়।” গৰিমাই লগতে স্পষ্ট কৰে যে তেওঁলোক আইন আৰু ন্যায় প্রক্রিয়াত পূর্ণ বিশ্বাসী। তেওঁ কয়- “আমি আইন প্রক্রিয়া আৰু ন্যায় প্রক্রিয়াত আস্থা ৰাখোঁ। আমাৰ অধিবক্তাসকলে বলিষ্ঠভাৱে নিজৰ কাম কৰি আছে আৰু আমি আশাবাদী যে শীঘ্রে ন্যায় লাভ কৰিম।”