মই মোক দেখা নাই – আয়শা ছিদ্দিকা

Pc-Shutterstock

মই মোক দেখা নাই

 আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

বহুদিন হ’ল মই মোক দেখা নাই
ফাগুনৰ প্ৰেমময় মলয়াৰ স্ৰোতত নে
সৰাপাতৰ বিষাদৰ ঢৌত
উজাই গ’ল গমকে নাপালোঁ।

শুষ্ক হৃদয়ৰ সূক্ষ্ম কোণত
দীৰ্ঘম্যাদী হুমনিয়াহ কিছু সাৱটি লৈ
অন্তৰ্ধান হৈছে আজি ভালে কেইদিন
বিচাৰি পোৱা নাই ক’তো।

তাতে আকৌ মূৰৰ ওপৰত
অপ্ৰত্যাশিত অভাৱৰ অভেদ্য তাণ্ডৱ
প্ৰতিটো খোজ এক অনাকাংক্ষিত
ভৱিষ্যতৰ সক্ষীৰ প্ৰতিমূৰ্তি হয়।

ভাতৃত্ব হেৰুৱাই নিস্ব হোৱা সমাজত
তেনেই নগণ্য মইজনীক বিচাৰি
মাজবাটত উচুপিলে, বিনালে
দৃষ্টিগোচৰ হ’বনে কাৰোবাৰ..?

মানৱতা গিলি খোৱা মস্তিষ্কৰ
এই জনঅৰণ্যত ফেঁকুৰী ফেঁকুৰী
মমতাৰ কিঞ্চিৎ দৰ্শনৰ সন্ধানত
হাবাথুৰি খাব লাগে প্ৰতিদিন।

সম্পদ-ক্ষমতাৰ দপট দেখুৱাই
নিৰ্বলীক অত্যাচাৰ কৰা বজাৰত
সামান্য সহানুভূতিৰ সন্ধান কৰি
শুধা হাতে উলটিব লাগে সদায়।

সেয়ে বহুদিন হ’ল মই মোক দেখা নাই
ক’ৰবাত লগ পোৱা যদি জনাবা
মৰমীয়াল সহানুভূতিৰে ফাগুনৰ
পছোৱা নেওচি বসন্তৰ সুবাসেৰে
সৰাপাতৰ বিননি সাৰ্থক কৰিবলৈ।