নিজেই …নিজৰ – অৰ্ণৱ কটকী

Pc StockCake

নিজেই …নিজৰ

অৰ্ণৱ কটকী
জাঁজী, যোৰহাট

জ্বলি উঠা ট্ৰেফিক লাইটৰ জিকমিক পোহৰে
পাৰে জানো ৰুধিবলৈ হেজাৰ ব্যস্ততাক
বাধা প্ৰাচীৰ হৈ থিয় দি যায় গন্তব্যৰ পথত।
লক্ষ্য নোপোৱাকৈ জানো থমকি ৰয়।
ৰঙীণ পোহৰে জিলিকাব পাৰে নে ভগ্ন হৃদয়ৰ দাপোন
উভতি অহাৰ পথ থাকে জানো জীৱনত
তেনে  ৰৈ যাব খোজোঁ কিয় উশাহৰ দীঘল বাটত
গতিশীল সময়তো অতৰ্কিতে,অনিচ্ছাস্বত্বেও !
উশাহৰ পথ ৰুদ্ধ হ’লেও গুণৰ পথ জানো মনিব নোৱাৰা হয়!
কণ্টকময় পথো মসৃণ হয় যদি লক্ষ্য  প্ৰাপ্তিৰ  ভোক উদৰত ৰয়
আউল লগা পাকো সুলকি পৰে ,সম্পৰ্ক যদিহে টনকিয়াল হয়।
কোনে কাক ৰাখিব! কোনে কাক ভেটিব!
নিজস্বতাও যদি নিজৰেই হয়।
নাটৰ শেষত কি আছে লিখা তাকেই ভাৱি কি লাভ হয়?
আগুৱাই যোৱাৰ পথত যদি আদৰৰ প্ৰেৰণা হয়
তেনে আপুনি আকাশ চোৱাত বাধা কিহৰ?
সন্মুখৰ খোজ হে মণিব পাৰি
পিছৰ খোজ মাথোঁ গণিবৰহে অনুমতি।
বাধা ভাঙি উৰি যাওঁক দূৰ দিগন্ত ভেদি
পুৰণি শিপা নাপাহৰি।
নিজেই নিজৰ প্ৰতিদ্বন্দ্বী হৈ, নিজেই নিজৰ সৰ্বস্ব হৈ।।