প্ৰাণৰ শিল্পীৰ হত্যাৰ গোচৰত জামিন আবেদন শ্যামকানুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ফাষ্টট্রেক আদালতত চলি থকা জুবিন গাৰ্গৰ মৃত্যু গোচৰত দ্বিতীয়বাৰৰ বাবে জামিন বিচাৰি জামিন আবেদন দাখিল কৰে হত্যাকাণ্ডটোৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তা ৰাজদীপ বেনার্জীয়ে। ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্রেক আদালতত জামিনৰ বাবে আবেদন কৰে শ্যামকানু মহন্তৰ অধিবক্তাগৰাকীয়ে। এই জামিন আবেদনৰ ২২ এপ্রিলত শুনানি গ্রহণ কৰিব আদালতে। উল্লেখ্য যে পূর্বেও অভিযুক্ত শ্যামকানু মহন্তই জামিন বিচাৰি আবেদন কৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁ জামিন আবেদন প্রত্যাহাৰ কৰিছিল। আনহাতে আদালতত আন এগৰাকী অভিযুক্ত সিদ্ধার্থ শর্মা মালিকানাধীন মহাবীৰ একুৱা পুনৰ খোলা হ’বনে নাই সেই সন্দর্ভতো এক শুনানি অনুষ্ঠিত হয়। আদালতত সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে কেইবা কোটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ স্পষ্ট হয়। এই সন্দৰ্ভত সংবাদ মাধ্যমত লোক অধিবক্তা জিয়াউল কামাৰে সদৰী কৰে যে জুবিন গাৰ্গৰ খাৰঘুলিস্থিত বাসগৃহ নিৰ্মাণৰ ক্ষেত্ৰত সিদ্ধার্থ শর্মাই বিভিন্ন অজুহাতত বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছিল। জুবিনক জনোৱা হৈছিল যে ঘৰ নিৰ্মাণৰ বাবে এজন ঠিকাদাৰক ৭০ লাখ টকা দিয়া হৈছে। কিন্তু ব্যক্তিগৰাকীক বাস্তৱত মাত্র ৩৫ লাখ টকাহে পৰিশোধ কৰা হৈছে। সিদ্ধার্থ শৰ্মাই আত্মসাৎ কৰা ধনেৰে নিজৰ বান্ধৱীক উপহাৰ দিয়াৰ লগতে ব্যক্তিগত কামত খৰচ কৰিছিল। সিদ্ধার্থ শর্মাই মাহে ৩০ হাজাৰ টকা তেওঁৰ বান্ধৱীৰ নামত এছআইপি বিনিয়োগ কৰাৰ লগতে জন্মদিনত এখন স্কুটী আৰু এটা সোণৰ আঙুঠি উপহাৰ দিছিল বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে লোক অধিবক্তাগৰাকীয়ে।
