মধ্য গুৱাহাটীৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভোটগ্রহণৰ দিনটোত নির্বাচনী আচৰণবিধি ভংগৰ অভিযোগত মধ্য গুৱাহাটী সমষ্টিৰ অজাপ তথা বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী কুংকি চৌধুৰী আৰু তেওঁৰ সামাজিক মাধ্যম গোটৰ এজন সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে পাণবজাৰ আৰক্ষীয়ে। ৰিহাবাৰীৰ নৱ কুমাৰ লহকৰ নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে কুংকি চৌধুৰী আৰু তেওঁৰ সামাজিক মাধ্যম গোটৰ সদস্য সন্দীপ যাদৱ নামৰ গুৰগাঁৱৰ লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। বৃহস্পতিবাৰে ৰাতিয়ে পাণবজাৰ আৰক্ষীয়ে সন্দীপ যাদৱক আটক কৰে যদিও শুকুৰবাৰে দুপৰীয়াৰ ভাগলৈ তেওঁক আৰক্ষীয়ে মুকলি কৰি দিয়ে। ঘটনা সন্দৰ্ভত যোৱা ৰাতিয়ে পাণবজাৰ থানাত উপস্থিত হৈ নিজৰ স্থিতি স্পষ্ট কৰে আৰু সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কুংকি চৌধুৰীয়ে লিখিছে- মোৰ আৰু আমাৰ সামাজিক মাধ্যম টীমৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। সেয়েহে মাজনিশা আৰক্ষীয়ে আমাৰ সতীৰ্থসকলক আটক কৰিছে। মই মোৰ ভাষ্য আৰক্ষীৰ সন্মুখত দিবলৈ বর্তমান থানাতে অপেক্ষা কৰি আছোঁ, কাৰণ আইন অনুসৰি ৰাতি আৰক্ষীয়ে মহিলাৰ ভাষ্য গ্রহণ নকৰে। কিন্তু এটা কথা সজোৰে কওঁ, আমি নির্বাচন আয়োগৰ কোনো নিয়মক অসন্মান কৰা নাই। আৰম্ভণিৰে পৰা আমি নির্বাচন আয়োগৰ প্রতিটো নিয়ম সততাৰে পালন কৰি আহিছোঁ। শাসনাধিষ্ঠিত দলটোৱে আমাৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ আৰু মৰম দেখি শংকিত হৈছে আৰু এনে পদক্ষেপ গ্রহণ কৰিছে। ভিডিঅ’টোত কুংকি চৌধুৰীয়ে পুনৰ কয়, আমাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল হৈছে। এজাহাৰত কোৱা হৈছে আমি কিছুমান নিয়ম ভংগ কৰিছোঁ। আমি সকলোৱেই দেখিছোঁ বিজেপি চৰকাৰে কিমান নিয়ম পালন কৰে। মই মনোনয়ন দাখিলৰ দিনাও নির্বাচন আয়োগৰ বিধি অনুসৰি সকলো ৰেলী বাতিল কৰি অকলেই গৈছিলোঁ। ভোটগ্রহণৰ দিনাও আমি নির্বাচন আয়োগৰ নিয়ম মানি চলিছোঁ। এইবোৰ কোনো ভিত্তি নোহোৱাকৈ, কোনো প্রমাণ নোহোৱাকৈ আমাক ভয় খুৱাবলৈ তেওঁলোকে কৰিছে। আচলতে তেওঁলোকে ভয় খাইছে, সেয়ে এইবোৰ পদক্ষেপ গ্রহণ কৰিছে।
