ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
ৰঙিলী বাৰ্ত্তাসেৱা- ঘোষণা হ’ল ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে পৰীক্ষাৰ ফলাফল। ১৬টাকৈ ৱেবছাইট উপলভ্য হ’ল পৰীক্ষাৰ ফলাফল। এইবাৰ এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪,২৯,২৪৯ গৰাকী শিক্ষাৰ্থী ৷ ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা ১,৮৬,৪৬৮ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা ২,৪২,৭৮১ গৰাকী । মুঠ ৪,২৯,২৪৯ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে ২,৮১,৭০১ গৰাকী ৷ এইবাৰ ফলাফলত প্ৰথম চাৰি স্থানত চাৰিগৰাকী মেধাৱী পৰীক্ষার্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰিছে জ্যোতিৰ্ময় দাসে। তেওঁ শংকৰদেৱ শিশু নিকেতন পাটাছাৰকুছিৰ ছাত্ৰ। দ্বিতীয় স্থান লাভ কৰিছে আকাংক্ষা ভূঞাই। তেওঁ অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়, বিশ্বনাথৰ ছাত্ৰী। তৃতীয় স্থান অধিকাৰ কৰিছে জিয়া ফাৰা ইছলামে। তেওঁ লিটিল ফ্লাৱাৰ স্কুল ডিব্ৰুগড়ৰ ছাত্ৰী। আনহাতে, চতুর্থ স্থান লাভ কৰিছে সুৰজিত আখতাৰে, তেওঁ লিটিল ফ্লাৱাৰ স্কুল, নলবাৰীৰ ছাত্ৰ। উল্লেখযোগ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৬৫.৬২ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। পুৱা ১০.৩০ বজাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে ঘোষণা কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ এই ফলাফল অনুসৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮৫১৮৯ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৫০১৬৭ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৪৬৩৪৫ গৰাকী পৰীক্ষাৰ্থী । অসমৰ ডিমা হাচাও জিলাত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক ৮৮.২৩ শতাংশ আৰু কাছাৰত উত্তীৰ্ণৰ হাৰ সৰ্বনিম্ন ৪৯.১৩ শতাংশ । শিৱসাগৰত উত্তীৰ্ণৰ হাৰ ৮৪.০৮ শতাংশ আৰু ডিব্ৰুগড়ত ৭৮.৪৬ শতাংশ । ফলাফল প্রকাশ পোৱাৰ লগে লগে ৰাজ্যজুৰি আনন্দৰ পৰিবেশ দেখা গৈছে আৰু সফল পৰীক্ষাৰ্থীসকলৰ মাজত উৎসাহ-উদ্দীপনা লক্ষ্য কৰা গৈছে।
