গণতান্ত্ৰিক উৎসৱ ৯এপ্ৰিল ২০২৬
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
সংবিধানৰ ৩৯৫নং অনুচ্ছেদত অন্তৰ্ভূক্ত মৌলিক অধিকাৰ ভোটদান প্ৰক্ৰিয়া। এই সুস্থ সবল চৰকাৰ গঠন কৰিবলৈ ভোটদান প্ৰক্ৰিয়া জৰুৰী। গণতন্ত্ৰ যিহেতু জনসাধাৰণৰ দ্বাৰা,জনসাধাৰণক লৈ ,জনসাধাৰণ কাৰণে পৰিচালিত চৰকাৰ। ইয়াত জনসাধাৰণৰ ১০০% দায়িত্ব আছে । ৯এপ্ৰিল ২০২৬ তাৰিখে অসমত বিধান সভাৰ ১২৬ টা সমষ্টিত ভোটদান প্ৰক্ৰিয়া সমাপন হয়। বিভিন্ন ঠাইত কৰ্মৰত লোকসকলে নিজৰ নিজৰ জন্মস্থানলৈ গৈ ভোটদান কৰে ।হাজো–শুৱালকুছি সমষ্টিত ৮৬.৯২%, আন আন সমষ্টিবোৰত তেনেকৈয়ে অলপ বেছি আৰু কোনোবাটোত অলপ কম ভোটদান প্ৰক্ৰিয়া সফলতাৰ নিৰূপিত হয়। এইবাৰ নাগৰিক সকলে স্বতস্ফূৰ্ত ভাবে নিজৰ অধিকাৰ সাব্যস্ত কৰিলে। চৰকাৰী কৰ্মচাৰী নিৰ্বাচন প্ৰক্ৰিয়াত পিজাইডিং ,পুলিং,বিয়েলো আদি বিভিন্ন বিষয়া , সুৰক্ষা বাহিনীত কাম কৰা বিষয়া সকলোৱে নিজৰ দায়িত্ব পালন কৰি গণতান্ত্ৰিক উৎসৱটোৰ সফল ভাবে ৰূপায়িত হোৱাত সহায় কৰে।
