শোষণ – মালবিকা দেৱী

Pc Samco

অণুগল্প

শোষণ

মালবিকা দেৱী,শোণিতপুৰ

পাঁচশ টকীয়া নোট খন হাতত গুজি দি ক’লে — কিয় দিছোঁ গম পাইছেই নহ‌য়, ঘৰৰ সকলোৱে মোক দিব বুলি আশা কৰিলোঁ।

তাই নোট খন ঘুৰাই দি ক’লে — পাঁচোটা বছৰে ক’ত আছিলা ? পাই থকা অৰুণোদয়টো কাটি দিলা। এইবাৰ আমি আবেগেৰে নহয়, বিবেকেৰে দিম। বেয়া নাপাবা।