কাইলৈ ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

Pc Wikipedia

কাইলৈ ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা-  কাইলৈ অৰ্থাৎ শুকুৰবাৰে ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ৰ ফলাফল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।শিক্ষামন্ত্ৰীগৰাকীয়ে জনাই যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে সাজু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ড।  উল্লেখ্য যে, চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ এইবাৰ ছেবাৰ পৰিৱৰ্তে এএছএছইবিৰ নতুন নিয়মেৰে অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ আনহাতে এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ মুঠ ৪,৩৮,৫৬৫গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল ৷ মুঠ ১,০৪৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা ৷ ইয়াৰে ইয়াৰে ১,৯০,২৪৩ জন ছাত্ৰ আৰু ২,৪৮,৩২২ গৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ এইবাৰৰ প্ৰশ্নকাকতত নতুন শৈলীৰ প্ৰশ্ন, য’ত বৰ্ণনামূলক আৰু নিৰ্বাচনী প্ৰশ্নৰ সংমিশ্ৰণ আছিল ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ১০ এপ্ৰিলত ঘোষণা কৰা হ’ব বুলি উল্লেখ কৰিছিল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ সন্দৰ্ভত বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়,”ভোটগ্ৰহণৰ পাছতে ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি পূৰ্বেও উল্লেখ কৰা হৈছিল ৷ সেই মৰ্মে শুকুৰবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব পাৰে ৷”