ভোট দিবলৈ যাওঁ আহক – ইভা গন্ধীয়া ফুকন 

Pc LinkedIn

ভোট দিবলৈ যাওঁ আহক

ইভা গন্ধীয়া ফুকন 

চৌদিশে উৎসৱ মুখৰ পৰিৱেশ। বিধান সভাৰ নিৰ্বাচনৰ লগে লগে আহিছে হেঁপাহৰ ৰঙালী বিহুটি।নিৰ্বাচনৰ ধুমুহাই ৰঙালী উৎসৱকো যেন ম্লান পেলাইছে। ঢাক -ঢোল, গায়ন বায়নেৰে নেতা- পালিনেতাৰ নিৰ্বাচনী প্ৰচাৰ। আনফালে বিহুৰ আখৰা আকাশ বতাহ গুমগুমাই থকা।

গণতন্ত্ৰৰ এক অতি গুৰুত্বপূৰ্ণ ব্যৱস্থা হৈছে নিৰ্বাচন। নিৰ্বাচন আহে পাঁচ বছৰৰ মূৰত। ভোটদান প্ৰক্ৰিয়াৰে পছন্দৰ নেতা নিৰ্বাচন কৰাৰ এক সোণালী সুযোগ। ভোটদান প্ৰক্ৰিয়া হৈছে জনতাৰ আশা, আস্থা আৰু ভৱিষ্যতৰ প্ৰতিফলন। জনতাই নেতাৰ কৰ্মৰ হিচাপ লোৱাৰ সময় এই নিৰ্বাচন। সাধাৰণ জনতা দিকভ্ৰান্ত, নেতাৰ কথাৰ ফুলজাৰি। কাৰ কথাত পতিয়ন যাব। কাক দিব নিজৰ বহুমূলীয়া ভোট। এটি ভোটৰ ব্যৱধানত নেতাৰ হৰা জিকাৰ ভাগ্য নিৰ্ণয় হয়। সেয়ে সকলো নেতাৰ চেষ্টা ভোটাৰক আকৰ্ষণ কৰিব পৰা নীতি আদৰ্শ , আঁচনিৰ প্ৰতিশ্ৰুতি। খনে খনে ইস্তাহাৰ। জনসাধাৰণ যেন কাহানিও কোনো ক্ষেত্ৰতে দুখত নপৰে। এই নিৰ্বাচনৰ সময়তহে ইমান জনতাৰ সুখ -দুখৰ কথা চিন্তা কৰা নেতা দেখা পোৱা যায়। নিৰ্বাচনৰ পাছত সেই প্ৰতিশ্ৰুতি কিমানে ৰক্ষা কৰে সেয়া জনতাই দেখি আহিছে। সেয়ে বহুতে ভোট দিবলৈ ইচ্ছা প্ৰকাশ নকৰে। এহ! ভোট দিলেনো কি হ’ব আমি একো সা -সুবিধা নাপাওঁ দেখোন।

কিছুমান ভোটাৰে স্ব ইচ্ছাৰে নিজৰ বিচাৰ বিবেচনাৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়ে। কিছুমানে কোনো বিচাৰ বিবেচনা নকৰাকৈ দেখাক দেখি ভোট দিবলৈ আহে।   ভোটৰ দিনা বিদ্যালয় -মহাবিদ্যালয়, অফিচ -কাছাৰী আদি বন্ধ থাকে। এই বন্ধ দিনটো উদযাপন কৰিবলৈও ভোট কেন্দ্ৰ সমূহলৈ ভোটাৰ ৰাইজৰ সোঁত বলে। ভোট দিবলৈ আগবাঢ়ি অহাটো শুভ লক্ষণ । কিন্তু নিজৰ বহুমূলীয়া ভোটটি যাতে সঠিক জেগাত পৰে সেইটো গুৰুত্ব দিয়া উচিত। নতুন প্ৰজন্মই চালি- জাৰি চাই  ভোট দান কৰিব বুলি আশাবাদী।

ভোটদান কৰিবলৈ ওচৰ – চুবুৰীয়াৰ ইগৰাকীয়ে সিগৰাকীক আগদিনাই লগ ধৰে কালিলৈ চাহ খাইয়ে ভোটটো দি আহিম ওলাব। পাছত বহু দীঘলীয়া লাইন হয়। বহুত দেৰি থিয় হৈ থাকিব লগীয়া হয়। পুৱাবেলা অলপ খালী থাকে।  বহুতে আকৌ তাতে চাহ খামগৈ ভোটো দিম বুলি আহে । ভাগে ভাগে পাৰ্টিৰ মানুহে চাহৰ যোগান ধৰে দেখোন। অলপ ইফাল সিফাল কৰি চাহ মিঠাই, পিঠাৰে চাহটুপি খাই ভোটদান,নিজৰ মৌলিক অধিকাৰ সাবস্ত্য কৰি কৰ্তব্য পালন কৰে। কিছুমানে আকৌ বন্ধ পাই ভাত পানী খাই ভোট কেন্দ্ৰলৈ আহে।

ভোট দিবলৈ বুলি জন্মস্থানৰ বাহিৰত থকা কৰ্মচাৰী আদিকে ধৰি বহু লোক নিজৰ ভোট প্ৰদান কৰিবলৈ নিজৰ ঠাইলৈ বা নিজৰ জন্মঘৰখনলৈ ঢপলিয়াই আহিছে। এইকেইদিন বাছ ট্ৰেন সকলোতে অভাৱনীয় ভিৰ। একে ৰাতিতে উত্তৰপ্ৰদেশৰ পৰা ৫০ হাজাৰৰো অধিক লোক আহি বৰপেটাত নামিছে। তেনেকৈ কম বেছি পৰিমাণে প্ৰেতেক জিলালৈ ভোটাৰ আহি উপস্থিত হৈছেহি। এইসকলৰ জন্মস্থান অসম কিন্তু তেওঁলোকে বৰ্হিৰাজ্যত শৈশৱ কৈশোৰ অতিবাহিত কৰি তাতে কৰ্ম কৰি জীৱন নিৰ্বাহ কৰিছে। এইসকল লোকে ভোট কাক দিব কিয় দিব সেইটো বিচাৰ কৰি চাইছে নে বাৰু? নে কাৰোবাৰ পৰোচনাত ভোট দিবলৈ আহিছে নে নিৰ্বাচনী ঢৌত উটি গৈ  ভোট প্ৰদান কৰিব? এইসকল ভোটাৰৰ ভোট কিন্তু প্ৰাৰ্থী নিৰ্বাচনত বা হৰা জিকাত বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰি এজন সঠিক ৰাইজৰ হকে কাম কৰা প্ৰাৰ্থীক নিৰ্বাচন কৰাৰ দ্বায়িত্ব মোৰ /অপোনাৰ। ৯ এপ্ৰিলত ভোট দান কৰি মই/ আপুনি পছন্দৰ প্ৰাৰ্থীজনক ভোট দান কৰি  ৪ মেত প্ৰাৰ্থীজন জিকাৰ আনন্দ লওঁ আহক।