অসমত হ’ব এনডিএৰ জয়ৰ হেটট্রিকঃপ্রধানমন্ত্রী নৰেন্দ্ৰ মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- চেঞ্চুৰী কোৱাই তৃতীয়বাৰৰ বাবে অসমত বিজেপিৰ নেতৃত্বত এনডিএৰ চৰকাৰ হ’ব বুলি বৰপেটাৰ নিৰ্বাচনী প্ৰচাৰ সভাত এই দাবী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ ৰাজ্যত তিনিখন নির্বাচনী সভাত অংশগ্রহণ কৰি অসমত আগন্তুক চৰকাৰ বিজেপি মিত্রজোটৰ হ’ব বুলি স্পষ্ট কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড় জিলাৰ মৰাণ প’ল’ ক্লাব খেলপথাৰ, বৰপেটাৰোড আৰু হোজাইত বিজেপিৰ বিশাল নির্বাচনী সভাত অংশগ্ৰহণ কৰে। বিশাল নির্বাচনী সভাত ভাষণ দি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রতিখন সভাতে বিৰোধী কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰাৰ লগতে দলটোৱে বাংলাদেশী অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ কৰে। ভাষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছে দিল্লী আৰু অসমৰ দুটা ৰাজপৰিয়ালৰ সেৱা কৰি আছে বুলি মন্তব্য কৰে আৰু কয় যে দলটোৱে জনকল্যাণতকৈ বংশগত স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে। তেওঁ কয় যে জাতি প্রথম, জনতা প্রথম নীতিৰে কাম কৰিছে। বিজেপিক দিয়া ভোটে অসমৰ পৰিচয় ৰক্ষা কৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ নেতাৰ পাকিস্তান সংযোগে এদিন দেশক বিপদত পেলাব। প্রধানমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত অসমক বচাবৰ কাৰণে বিজেপিয়ে কাম কৰিছে বুলি মন্তব্য কৰে আৰু অসমৰ ভোটাৰৰ এটি ভোটে অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াব বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পোনতে বৰপেটাৰোডত প্ৰথমখন নির্বাচনী সভাত অংশগ্রহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰপেটাৰোড সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী দীপক কুমাৰ দাস, সৰভোগ-ভৱানীপুৰ সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাস, বজালীৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰায়, বিজনী সমষ্টিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে’, অভয়াপুৰী সমষ্টিৰ প্ৰাৰ্থী ভূপেন ৰয়, বঙাইগাঁও সমষ্টিৰ প্রার্থী দীপ্তিময়ী চৌধুৰী, পাকা-বেতবাৰী সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ডাঃ তাৰাপ্রসাদ দাস, মন্দিয়া সমষ্টিৰ প্ৰাৰ্থী বাদল চন্দ্ৰ আৰ্য আৰু মানস সমষ্টিৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিজৰ ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমত যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ লগতে পৰ্যটন ক্ষেত্ৰৰ বিকাশ হৈছে বুলি মন্তব্য কৰাৰ লগতে অসমৰ জহা চাউলৰ সুগন্ধি বিদেশলৈ বিয়পিছে বুলিও মন্তব্য কৰে। হোজাইত অনুষ্ঠিত দ্বিতীয়খন সভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে হোজাই, লামডিং, বিন্নাকান্দি, কাৰ্বি আংলং আৰু ডিমা হাছাও বিধানসভা সমষ্টিৰ বিজেপি প্রার্থীসকলৰ হৈ নির্বাচনী প্ৰচাৰ চলায়। সভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমত পুনৰ এবাৰ বিজেপি চৰকাৰ হ’ব বুলি অংগীকাৰ কৰে। কংগ্ৰেছক কঠোৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ দলে দিল্লী আৰু অসমত দুটা শ্বাহী পৰিয়ালৰ সেৱাত ব্যস্ত হৈ থাকে। পৰিয়ালবাদৰ ৰাজনীতিৰ বাহিৰে তেওঁলোকৰ ওচৰত কোনো শক্তি নাই। তেওঁলোকৰ কামেই হৈছে মিছা কথা কোৱা, মিছা প্রতিশ্রুতি দিয়া। কংগ্ৰেছে অসমত বছৰ বছৰ ধৰি অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে অনুপ্ৰৱেশকাৰীয়ে খিলঞ্জীয়াৰ ভূমি বেদখল কৰাই নহয়, তেওঁলোকে দেশৰ লগতে অসমৰো বৃহৎ ক্ষতি কৰি আহিছে। বিজেপি চৰকাৰে ক্ষমতাত থাকি অনুপ্ৰৱেশকাৰীৰ পৰা বহু ভূমি বেদখলমুক্ত কৰিছে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্রধানমন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰৰ দিনত হোৱা বিকাশ আৰু উন্নয়নৰ প্ৰসংগ উল্লেখ কৰি কয় যে ৰাজ্যৰ মহিলাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰৰ লগতে তেওঁলোকক নতুন নতুন আঁচনি দিয়া হৈছে। অসমৰ মহিলাসকলক লাখপতি বাইদেউ বনোৱা হৈছে, বেংক একাউন্ট খোলাৰ ব্যৱস্থা কৰা হৈছে। কংগ্ৰেছ চৰকাৰে ৪০ বছৰ পেলাই ৰখা মহিলাৰ বাবে বিধানসভা আৰু সংসদত ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ইফালে, ডিব্ৰুগড়ৰ মৰাণ প’ল’ ক্লাব খেলপথাৰত অনুষ্ঠিত তৃতীয়খন নির্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰবাৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী খেদাৰ হুংকাৰ দি ভোটভিক্ষা খোজে। নিজৰ ভাষণত মোদীয়ে কয় যে অসমৰ শত্রু, জনজাতিৰ মাটি, অনুপ্ৰৱেশকাৰীক গতাই দি কংগ্ৰেছে ভোটবেংক স্থাপন কৰিছিল। কিন্তু ২০১৬ চনত অসমত বিজেপি মিত্ৰজোঁট চৰকাৰ অহাৰ পাছত লাখ লাখ বিঘা মাটি অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা হৈছে। বিজেপিয়ে অসমৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবেই কাম কৰি অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুঁজিছে। ইফালে, অসমত এইবাৰ সৰ্ববৃহৎ বিজয়েৰে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিব বুলি দাবী কৰি প্রধানমন্ত্রী মোদীয়ে শপতগ্রহণ অনুষ্ঠানৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ পুনৰ অসমলৈ আহিবলৈ ইচ্ছাৰ কথা ব্যক্ত কৰে। প্রধানমন্ত্রী মোদীয়ে কয় যে উজনি অসমখন আহোম, মৰাণ, মটক, চুতীয়া, সোণোৱাল কছাৰী, চাহ জনগোষ্ঠী, মিচিং, দেউৰী আদি অনেক জাতি-জনগোষ্ঠীয়ে আদিম যুগৰ পৰা বাস কৰি আহিছে। সমন্বয়ৰ মাজেৰে বাস কৰা প্রত্যেকেই বিকশিত অসম বিচাৰে। ভাষণৰ মাজত প্রধানমন্ত্রী মোদীয়ে কংগ্রেছক কঠোৰ সমালোচনা কৰি কয় যে দশক দশক ধৰি কংগ্ৰেছে শাসন চলালে যদিও অসমৰ উন্নয়নত তেওঁলোকে কোনো গুৰুত্ব দিয়া নাছিল। ২০১৬ চনৰ পূৰ্বে অসম সকলো দিশৰ পৰাই পিছপৰি আছিল। নিজৰ ভাষণত প্রধানমন্ত্রী মোদীয়ে ডিব্ৰুগড় জিলাৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলসমূহত হোৱা উন্নয়ন আৰু বিকাশৰ আঁচনি আৰু প্ৰকল্পসমূহৰ ওপৰত বিস্তৃতভাৱে ব্যাখ্যা কৰে। গেছ ক্ৰেকাৰ প্ৰকল্পৰ নিৰ্মাণ, ডিব্ৰুগড়ত বাইপাছ নির্মাণ, নুমলীগড় তেল শোধনাগাৰৰ উৎপাদন শক্তি তিনিগুণলৈ বৃদ্ধি, গেছ পাইপ লাইনৰ সংযোগ, নামৰূপ সাৰ কাৰখানাৰ সম্প্ৰসাৰণ আদিকে ধৰি বহু উন্নয়নমূলক আঁচনিৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ২০২৯ চনত হ’বলগীয়া লোকসভা নির্বাচনত ৩৩ শতাংশ মহিলা দিল্লীলৈ যাব বুলিও নিজৰ ভাষণত উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে। এই নির্বাচনী সভাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে ৰাজ্যিক বিজেপিৰ সম্পাদক ঋতুপর্ণ বৰুৱা, কেন্দ্ৰীয় ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, অগপৰ সভাপতি অতুল বৰা আদিকে ধৰি ডিব্ৰুগড়ৰ প্ৰাৰ্থী প্রশান্ত ফুকন, টিংখাঙৰ বিমল বড়া, চাবুৱা-লাহোৱালৰ বিনোদ হাজৰিকা, দুলীয়াজানৰ প্রার্থী ৰামেশ্বৰ তেলী, খোৱাঙৰ প্ৰাৰ্থী চক্ৰধৰ গগৈ, নাহৰকটীয়াৰ প্ৰাৰ্থী তৰংগ গগৈ, নাজিৰাৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁই, সোণাৰিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰাৰ প্ৰাৰ্থী সূৰুয দিহিঙীয়া উপস্থিত থাকে।
