গৌৰৱ গগৈক উভতি ধৰিলে ৰিণিকি ভূঞা শৰ্মাই

গৌৰৱ গগৈক উভতি ধৰিলে ৰিণিকি ভূঞা শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা-  গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত ৰিণিকি ভূঞা শৰ্মাৰ গ’ল্ডেন পাছপার্ট সন্দর্ভত বক্তব্য প্রকাশ কৰে। গৌৰৱ গগৈৰ এক্স হেণ্ডেলক লৈয়ে সামাজিক মাধ্যমত ৰিণিকি ভূঞা শৰ্মাই প্রত্যাহ্বান জনালে কংগ্রেছ সভাপতিগৰাকীক। এক্স হেণ্ডেলত তেওঁ গৌৰৱ গগৈক প্রত্যাহ্বান জনাই উল্লেখ কৰে- ছাছপেঞ্চ নালাগে গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি কৰা হাস্যকৰ প্ৰশ্নকেইটাৰ উত্তৰ মই নিজেই দিব বিচাৰিছোঁ। মোৰ, মোৰ সন্তান আৰু মোৰ স্বামীৰ ডুবাই বা বহিঃৰাষ্ট্ৰত কোনো ব্যৱসায় কৰাৰ ইচ্ছা নাই। ভাৰতৰ বাহিৰত নাই কোনো সম্পত্তিও। এতিয়া আপোনাৰ পাল। আপোনাৰ পত্নীৰ পাকিস্তানত বেংক একাউন্ট আছেনে বা আছিলনে, সেই কথা ৰাজহুৱাকৈ প্ৰকাশ কৰিব পাৰিবনে? তাতকৈ আমোদজনক কথাটো হ’ল-২৪ ঘণ্টাৰ ভিতৰতে আপুনি ইজিপ্তৰ পাছপ’ৰ্টৰ সোণালী ভিছাৰ দাবীৰ পৰা এতিয়া ভাৰতীয় পাছপ’ৰ্টৰ কথালৈ অহাটো।আনহাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহধর্মিণী  ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে বিৰোধী দল কংগ্ৰেছে অনা মিথ্যাচাৰৰ তীব্র প্রতিবাদ সাব্যস্ত কৰি অসম আৰক্ষীৰ কাষ চাপিছে ৰিণিকি ভূঞা শর্মা। উল্লেখ্য যে এআইচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেড়াই সংবাদ মেলযোগে প্রাইড ইষ্ট এণ্টাৰটেইনমেন্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাৰ সম্পৰ্কত কেইবাটাও মিছা অভিযোগ উত্থাপন কৰিছিল। কংগ্ৰেছ নেতাজনে তিনিখনকৈ দেশৰ পাছপ’ৰ্ট ৰখাৰ লগতে বিদেশত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ তুলিছিল। উক্ত অভিযোগৰ পাছতে মাজনিশাই গুৱাহাটীৰ অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত হৈ কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে এটা গোচৰ দাখিল কৰে ৰিণিকি ভূঞা শৰ্মাই। কংগ্রেছে অনা পাছপ’ৰ্ট আৰু সম্পত্তিকেন্দ্রিক অভিযোগক সম্পূৰ্ণৰূপে নস্যাৎ কৰি তেওঁ কয় যে যিকেইটা অভিযোগ কংগ্রেছে আনিছে সম্পূর্ণরূপে মিছা। সেইবাবেই মই নিজে অপৰাধ শাখাৰ ওচৰলৈ আহি অভিযোগ দিছোঁ। অসম আৰক্ষীয়ে এই সন্দৰ্ভত ভালদৰে তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্রদান কৰক। তিনিখনকৈ দেশৰ পাছপ’ৰ্ট সন্দৰ্ভত কংগ্ৰেছ নেতা খেড়াই অনা অভিযোগ সন্দর্ভত তেওঁ কয় যে গছত গৰু উঠা কথা কৈছে। সম্পূৰ্ণৰূপে এআইৰ দ্বাৰা ফটোশ্বপ কৰি পাছপ’র্টকেইখন বনোৱা হৈছে। এই কাণ্ডই স্পষ্টভাৱে ব্যক্তিগত অধিকাৰ ভংগ কৰিছে। সম্পূৰ্ণৰূপে অসত্য কথা তেওঁলোকে আনিছে। ভাল মগজুৰ মানুহে কেতিয়াও এনেধৰণৰ কাম নকৰে। নির্বাচনত তেওঁলোকে যেতিয়া দেখিছে একো এজেণ্ডা নাই, গতিকে গোটেই বদমাচীখিনি উদঙাই দিছে। আনহাতে, বিদেশত ধন বিনিয়োগৰ ক্ষেত্ৰতো সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ৫২ হাজাৰ কোটি টকা বিনিয়োগ কৰিলে মই ভাৰতত কিয় থাকিম? এনেদৰে হ’লে ৩-৪খন ৰাজ্য মোৰ অধীনতে হয়তো থাকিব। কংগ্ৰেছৰ মিথ্যাচাৰক পুনৰ সমালোচনা কৰি তেওঁ কয় যে মিছা কথা ক’লেও কিমান স্তৰলৈ যাব লাগে, সেইটো এবাৰ ভাবি চাব লাগিছিল। দৰাচলতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰোধীৰ একো এজেণ্ডা যিহেতুকে নাই, গতিকে ছফট টার্গেট হিচাপে মোক লক্ষ্য কৰি যি পাইছে তাকেই উলিয়াইছে। কংগ্রেছে অনা সকলো অভিযোগ সম্পূর্ণ ভিত্তিহীন তথা ১০০ শতাংশই পৰিকল্পিত বুলি মন্তব্য কৰি তেওঁ কয় যে সকলো প্রক্রিয়া এতিয়া আইনৰ অধীনত চলিব। প্রমাণিত হোৱাৰ লগে লগেই ৰাইজে সকলোখিনি কথা গম পাব। লক্ষণীয় যে ৰিণিকি ভূঞা শৰ্মাৰ এই অভিযোগৰ পাছত অপৰাধ শাখাই ৪/২৬ নম্বৰত গোচৰটো ৰুজু কৰি তদন্ত সম্প্রতি তীব্ৰতৰ কৰি তুলিছে। দলীয় শক্তিৰে ৰাজ্যৰ জনপ্রিয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক প্রতিহত কৰিব নোৱাৰি কংগ্ৰেছৰ দৰে এটা পুৰণি দলে মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালক এনেদৰে সাঙুৰি নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত ৰাজনীতি কৰা বিষয়টোৱে ৰাজ্যজুৰি ৰাইজৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি কৰিছে।