ৰিণিকি ভূঞা শৰ্মাৰ নামত প্রদর্শিত ৩ পাছপ’র্টেই ভুৱা

ৰিণিকি ভূঞা শৰ্মাৰ নামত প্রদর্শিত ৩ পাছপ’র্টেই ভুৱা

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, তেওঁৰ পত্নী আৰু পৰিয়ালৰ বিৰুদ্ধে কালি নিৰ্বাচনৰ প্ৰাক্ ক্ষণত কংগ্রেছৰ জ্যেষ্ঠ নেতা তথা মিডিয়া কোষৰ অধ্যক্ষ পৱন খেৰাই যি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল সেই অভিযোগ খণ্ডন কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।  আনহাতে ভাৰত চৰকাৰে ভুৱা তথ্য-নথিৰে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভুঞা শৰ্মাৰ নামত প্রদর্শন কৰা বিদেশী ৰাষ্ট্রৰ তিনিওখন পাছপ’র্ট যে ভুবা সেয়া আনুষ্ঠানিকভাবে প্রকাশ কৰিলে।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত এই তথ্য প্রকাশ কৰি কয়- ভাৰত চৰকাৰে জনোৱা মতে তিনিওখন ৰাষ্ট্র ক্রমে ইউএই, ইজিপ্ত আৰু এন্টিগুৱা এণ্ড বার্বুডাই জনাইছে যে এই পাছপ’র্টকেইখন তেওঁলোকৰ ৰাষ্ট্রৰ নহয়। এই গোটেই পাৰপত্রকেইখন কংগ্রেছে পাকিস্তানী সামাজিক মাধ্যমৰ গ্রুপ এটাৰ সৈতে লগ লাগি প্রস্তুত কৰিছে । ইয়াৰ অর্থ হ’ল- কংগ্রেছে পাকিস্তানৰ মৰম এৰিব পৰা নাই। নির্বাচনৰ প্ৰচাৰসূচীলৈ লক্ষ্য কৰিলে দেখিব কংগ্ৰেছৰ কোনো এখন সভা নাই। কেৱল বাংলাদেশী মিঞাৰ ভোট আৰু নেতিবাচক ভোটক লক্ষ্য কৰিয়ে তেওঁলোকে নির্বাচনত নামিছে। কেৱল লুঙী-ধুতী দিয়া কংগ্ৰেছে এতিয়া ভোটাৰ ৰাইজৰ ওচৰত কি মুখ লৈ যাব? উল্লেখ্য যে মন কৰিবলগীয়া যে কংগ্রেছে ৰিণিকি ভূঞা শৰ্মাৰ তিনিখনকৈ বিদেশী বাস্তুৰ পাছপ’ট থকা বুলি অভিযোগ অনাৰ পাছতে মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাবে কেন্দ্রীয় চৰকাৰক এই সন্দৰ্ভত তদন্ত কৰাৰ আহ্বান জনাইছিল। যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে তদন্ত কৰি তিনিওখন পাছপ’র্ট ভুৱা বুলি স্পষ্ট কৰে। মুখ্যমন্ত্রীয়ে এই প্রসংগতে কয়-গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ কথা মই মুকলিভাবে কৈ আছোঁ। কিন্তু তেওঁ মোৰ বিৰুদ্ধে এটাও গোচৰ দিবলৈ সাহস নকৰিলে। ইয়াৰ বিপৰীতে কয় ৰাইজৰ আদালতে ইয়াৰ উত্তৰ দিব। অহা ১ এপ্রিলত ৰাইজৰ আদালতে কি উত্তৰ দিয়ে আমিও বাট চাম। যোৱা ২৭ মাৰ্চত মোৰ হাতত খবৰ এটা পৰে যে কংগ্রেছে দুটা বস্তু মোৰ বিৰুদ্ধে কৰিবলৈ লাগি আছে। এটা হ’ল- পাছপ’র্ট-ভিছা, বিভিন্ন ঠাইত সম্পত্তি আৰু দুই নম্বৰটো হ’ল পীযূষ হাজৰিকা আৰু মোৰ টেলিফোনিক বার্তালাপৰ বেকর্ডিং কৰিব বিচাৰিছিল। য’ত আমি জুবিন গাৰ্গৰ বিষয়ে নিগেটিভ কথা পাতি আছোঁ। এই বিষয়ে ২৭ মার্চতে মই অতনু ভূঞাক অবগত কৰিছিলোঁ। যি বিষয়ে ২৭ মার্চত অতনু ভূঞাই টুইট কৰিছিল আৰু সেয়া আজি ঘটিল। আমি যি সন্দেহ কৰিছিলোঁ ঠিক তেনেদৰে কামবোৰ কৰি গৈ আছে। নির্বাচনৰ এই ভৰপক সময়ত কংগ্ৰেছৰ এখনো মিটিং নাই। আনহাতে কংগ্রেছ নেতা পৱন খেড়াই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত আমেৰিকাত ৫৩ হাজাৰ কোটি টকাৰ কোম্পানী থকাৰ অভিযোগ কৰাৰ পাছত এইবাৰ গৌৰৱ গগৈৰ নামত আমেৰিকাত পঞ্জীয়ন হ’ল এটা কোম্পানী। গৌৰৱ গগৈৰ নামত পঞ্জীয়ন হোৱা কোম্পানীটো হ’ল- gauravelizabeth 786। এক লাখ কোটি টকাৰ বিনিয়োগেৰে গৌৰৱ গগৈয়ে এই কোম্পানীটো খুলিছে আমেৰিকাত। উল্লেখ্য যে কংগ্রেছ নেতা পৱন খেড়াই ৰিণিকি ভূঞা শৰ্মাৰ নামত ৫৩ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে আমেৰিকাত কোম্পানী থকাৰ কথা উল্লেখ কৰিছিল। এআইৰ মাধ্যমেৰে প্রস্তুত কৰা এই নথি যে ভুৱা আছিল, সেয়া মঙলবাৰে পুৱাই মুখ্যমন্ত্রী ড° শর্মাই এক সংবাদ মেলযোগে তথ্যসহকাৰে দাঙি ধৰে। এই সংবাদ মেলতে মুখ্যমন্ত্রীয়ে দেখুৱাই দিছিল কেনেকৈ ই-মেইল, আইডি আৰু ফোন নম্বৰৰ জৰিয়তে আমেৰিকাত কোম্পানী পঞ্জীয়ন কৰিব পাৰি। মাত্র ১৯৯ আমেৰিকান ডলাৰ খৰচ কৰি যিকোনো লোকেই এইদৰে কোম্পানী এটা পঞ্জীয়ন কৰিব পাৰে। মুখ্যমন্ত্রী ড° শর্মাই আজি ইয়াকো ফাদিল কবে যিদবে পৱন খেড়া আৰু কংগ্ৰেছে তেওঁৰ পত্নীৰ নামত ভুৱা কোম্পানী আমেৰিকাত পঞ্জীয়ন কৰিছিল, ঠিক একেই পদ্ধতিৰে কংগ্রেছ সভাপতি গৌৰৱ গগৈৰ নামতো আমেবিকাত পঞ্জীয়ন হোৱা এটা কোম্পানী খোলাব তথ্য দাঙি ধৰে। gauravelizabeth 786 নামেৰে খোলা এই কোম্পানীটোত গৌৰৱ গগৈয়ে এক লাখ কোটি টকা বিনিয়োগ কৰা বুলিও মুখ্যমন্ত্রীয়ে দেখুৱাই দিয়ে। কার্যতঃ ৰিণিকি ভূঞা শৰ্মাৰ নামত আমেৰিকাত কোম্পানী থকা বুলি কংগ্রেছে তোলা অভিযোগৰ আচল কাহিনী ফাদিল কৰি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে মাত্র ১৯৯ ডলাৰ খৰচ কৰিয়েই তেনেধৰণৰ এখন কাগজ উলিয়াই ল’ব পাৰি।