বৰাকত আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰচাৰ অভিযান

বৰাকত আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰচাৰ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি বিয়লি পাঁচ বজাৰ লগে লগেই নির্বাচনত অংশগ্রহণ কৰা সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নির্দলীয় প্রার্থীসকলেও নিজৰ নিজৰ প্ৰচাৰ অভিযান সামৰিব লাগিব। ইতিমধ্যে অহা ৯ এপ্রিলত অনুষ্ঠিত হ’ব লগা ভোটগ্রহণৰ বাবে মাজত মাত্র দুটা দিন বাকী থকা অৱস্থাত শাসক-বিৰোধী সকলো প্রার্থীয়ে নিজৰ নিজৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। অহা ৯ এপ্রিলত জনতা জনার্দন ভোটাৰসকলে যাতে ভোট দি জয়যুক্ত কৰে, তাৰ বাবে আজি নির্বাচনী প্ৰচাৰ অভিযানৰ অন্তিম দিনা সকলো প্ৰকাৰে ভোটাৰৰ মন আকৰ্ষণৰ বাবে চেষ্টা কৰিব ৰাজনৈতিক দল তথা অৱতীৰ্ণ প্রার্থীসকলে।  প্ৰচাৰ অভিযানৰ অন্তিম দিনা শাসকীয় বিজেপি দলৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে। বৰাক উপত্যকাৰ পাথাৰকান্দি আৰু হাইলাকান্দি সমষ্টিৰ দুই বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত নির্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। এই দুই সমষ্টিত বিজেপিৰ প্রার্থী আছে ক্রমে কৃষ্ণেন্দু পাল আৰু ড° মিলন দাস। দুয়োগৰাকী প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ইতিমধ্যে শিলচৰত উপস্থিত হৈছেহি। নিশাটো তেওঁ চহৰখনৰ হোটেল বৰাইল ভিউত কটাই আৰু আজি দিনৰ এঘাৰ বজাত পাথাৰকান্দিৰ লালমাটি কলা ফিল্ডত নির্বাচনী সভাত ভাষণ দিব। তাৰ পাছত তেওঁ হাইলাকান্দিলৈ যাব আৰু তাতে ভিএছএ খেলপথাৰত ড° মিলন দাসৰ হৈ নির্বাচনী প্ৰচাৰ চলাব। তাৰ পাছত বিয়লিৰ ভাগলৈ শিলচৰৰ পুলিচ পেৰেড গ্রাউণ্ডত শিলচৰ সমষ্টিৰ প্ৰাৰ্থী ডাঃ ৰাজদীপ ৰায় আৰু উদৰবন্দ সমষ্টিৰ প্রার্থী ৰাজদীপ গোৱালাৰ হৈ প্ৰচাৰ চলাব। ইফালে, শাসকীয় মিত্রজোটৰ হৈ উজনি অসমৰ শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ অভিযান চলাব। মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলাৰ ডিমৌ, যোৰহাট জিলাৰ কাকজান ক্রীড়া সন্থাৰ খেলপথাৰত টীয়ক সমষ্টিৰ বাবে, তিতাবৰত ৰাজীৱ গান্ধী স্প’ৰ্টছ কমপ্লেক্সত তিতাবৰ সমষ্টিৰ বাবে, দেৰগাঁৱত বৰজান বাগান ফিল্ডত দেৰগাঁও সমষ্টিৰ বাবে প্ৰচাৰ অভিযান চলাব। আজি বিজেপি নেত্রী স্মৃতি ইৰাণীয়ে কৰিমগঞ্জ উত্তৰ সমষ্টিৰ প্ৰাৰ্থী সুব্রত ভট্টাচাৰ্যৰ সমৰ্থনত ৰোড শ্ব’ কাৰ্যসূচীত অংশগ্রহণ কৰিব। শাসকীয় দলৰ লগতে বিৰোধী কংগ্ৰেছ, ৰাইজৰ দল, অজাপৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহেও প্রচাৰ অভিযান চলাই নির্বাচনী প্ৰচাৰ তুংগত উঠাব। কংগ্ৰেছৰ কেন্দ্ৰীয় নেতায়ো কাইলৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব।