ৰূপহীহাটত গণপ্ৰহাৰত ৩জন ডকাইতৰ মৃত্যু

Pc Abc News Nigeria

ৰূপহীহাটত গণপ্ৰহাৰত ৩জন ডকাইতৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-দেওবাৰে নিশা এখন ঘৰত ডকাইতি কৰিবলৈ অহা এটা দলক ৰাইজে খেদি খেদি আক্ৰমণ কৰে । এই আক্ৰমণত ডকাইতৰ দলটোৰ তিনিজনৰ মৃত্যু হয় । আনহাতে, ডকাইতি সংঘটিত কৰিবলৈ অহা ঘৰখনৰ গৃহস্থও ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় । ৰূপহীহাটৰ ১নং কাঠপাৰাত এই ডকাইতিৰ ঘটনাটো সংঘটিত হৈছে । দেওবাৰে নিশা মুজ্জামিল হক চৌধুৰী নামৰ এজন লোকৰ ঘৰত ডকাইতি কৰিবলৈ গৈছিল অস্ত্ৰধাৰী ডকাইতৰ এটা ১০জনীয়া দল। ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে পৰিয়ালটোৰ লোকক আক্ৰমণ কৰি লুটপাত চলাই থকাৰ সময়তে পৰিয়ালৰ লোকসকলে চিঞৰ-বাখৰ লগাই এক হুলস্থলীয় পৰিৱেশৰ সৃষ্টি কৰে । লগে লগে স্থানীয় লোক ঘৰটোত উপস্থিত হোৱাত ডকাইতৰ দলটোৱে দৌৰি পলায়নৰ চেষ্টা কৰে । স্থানীয় লোকেও ডকাইতৰ দলটোৰ চাৰিজন ডকাইতক খেদি খেদি আটক কৰি উত্তম-মধ্যম শোধায় । ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে নিশাতেই এই আঘাতপ্ৰাপ্ত চাৰি ডকাইতক সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজত ভৰ্তি কৰায় । কিন্তু তাৰে ভিতৰত দুজন ডকাইতৰ মৃত্যু হয় । আনহাতে, চিকিৎসাধীন অৱস্থাত কিছু সময় পিছতে আৰু এজন ডকাইতৰ মৃত্যু হয় । মৃত্যু হোৱা তিনি ডকাইত ক্ৰমে কদমগুৰিৰ চফিউল্লাহ আৰু ইনামুল হক আৰু ১নং সোণাজুৰিৰ আজিবুৰ ৰহমান ওৰফে খাইৰুল বুলি জানিব পৰা গৈছে । আনহাতে, সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে পূব লৰীৰমুখৰ ৰেকিবউদ্দিন নামৰ ডকাইতটো । ঘটনা সন্দৰ্ভত গৃহস্থ মুজ্জামিল হক চৌধুৰীয়ে কয়, “ৰাতি শুই আছোঁ । মোৰ পৰিবাৰ, দুটা শিশু আৰু মই শুই আছোঁ । হঠাতে প্ৰায় ১০জনীয়া এটা দল ঘৰৰ ভিতৰত সোমায় । আটাইকেইটাৰ হাততে খুকুৰী, চাবোল আৰু পিস্তলো আছিল । মোক গবা মাৰি ধৰিছে তিনিটাই । মোৰ পত্নীয়ে শিশুটো কোলাত লৈছে আৰু তেওঁক ডিঙিত খুকুৰী লগাই ধৰিছে । তাৰ পিছত মোক পইচাৰ কথা সুধিছে ।” লগতে তেওঁ কয়, “লগতে মোক কৈছে পইচা নিদিলে গুলী কৰি দিম । তাৰ পিছত মই ছুটকেচৰ ওপৰত পইচা আছে বুলি কৈছোঁ । ৩০ হাজাৰমান আছিল লৈছে । মোক খুকুৰীৰে আক্ৰমণ কৰিছে । পিঠিত মাৰিছে, ডিঙিত মাৰিছে, হাতত মাৰিছে । পিছত মই চিঞৰ-বাখৰ কৰিছোঁ।” ইপিনে ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এ দলেয়ে ফোনযোগে ইটিভি ভাৰতক জনোৱা মতে, ৰূপহীহাটত সংঘটিত ডকাইতিৰ ঘটনা আৰু গণপ্ৰহাৰত তিনিজনকৈ ডকাইতৰ মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত আৰক্ষীয়ে নিজাববীয়া এক গোচৰো ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । গণপ্ৰহাৰত মৃত্যু হোৱা দুজনকৈ ডকাইতৰ বিৰুদ্ধে আৰক্ষীয়ে ডকাইতিৰ গোচৰত পূৰ্বে আদালতত অভিযোগনামাও দাখিল কৰিছে । পূৰ্বে ডকাইতিৰ গোচৰত অভিযুক্ত বুলিও নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দলেয়ে জানিবলৈ দিয়ে । নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ডকাইত ৰেকিবুদ্দিনৰ স্বাস্থ্যৰ অৱস্থাও সংকটজনক বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ।