আজি বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছ
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত আইপিএলত একেৰাহে দুখন মেচত জয়েৰে আত্মবিশ্বাসী হৈ থকা ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে জয়ৰ হেটট্রিক অৰ্জনৰ লক্ষ্যৰে আজি ৫বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব। ইতিমধ্যে দুখন মেচত সুন্দৰ আৰম্ভণি কৰা বৈভৱ সূর্যবংশীয়ে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতামূলক খেলত যশপ্রীত বুমৰাহৰ মুখামুখি হ’ব। এনে অৱস্থাত ১৫ বছৰীয়া খেলুৱৈ এগৰাকীয়ে বিশ্বৰ শক্তিশালী পেচাৰ বলাৰগৰাকীক কিদৰে চম্ভালিব পাৰে, সেয়াও লক্ষণীয় হ’ব। সমান্তৰালভাৱে বলাৰসকলেও যিকোনো পৰিস্থিতিত দলৰ জয়ত অভূতপূৰ্ব বৰঙণি আগবঢ়াই আছে। ইফালে, প্রথমখন মেচত জয়ী হ’লেও মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা দ্বিতীয়খন মেচত পৰাজয়বৰণ কৰিবলগীয়া হৈছে। মুম্বাই দলটোৰ ৰোহিত শৰ্মা, ৰাদাৰফোর্ড, সূর্যকুমাৰ যাদৱে অধিক সময় ক্রীজত থাকিলে যিকোনো মুহূৰ্ততে খেলৰ গতি সলনি কৰিবলৈ সক্ষম হ’ব। দলটোৰ আন এক ভৰসা হৈছে যশপ্রীত বুমৰাহ। অধিনায়ক হার্দিক পাণ্ডিয়াৰ অসুস্থতাত সূৰ্যকুমাৰৰ নেতৃত্বত খেলখনত মুম্বাই পৰাজিত হয়। আইপিএলৰ ইতিহাসত এতিয়ালৈকে ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছ ৩৩খন মেচত মুখামুখি হৈছে। ইয়াৰ ১৫খনত ৰাজস্থান জয়ী হোৱাৰ বিপৰীতে ১৭খনত মুম্বাই ইণ্ডিয়ানছে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।
