প্ৰেম,আকাশ আৰু মাটি
বনজিত দাস
ৰিহাবাৰী, বজালী
উদং পথাৰত ঠেহ বন্ধা উচুপিচনি
বুকুত ওলমে হেজাৰ স্মৃতি
আকাশ আৰু মাটিৰ ধোৱাৰ বাটত
কাৰোবাৰ যোৱাৰ আক্ষেপত
মৰমবোৰ ৰখাবিনো ক’ত
ইমান তৰাফুল দিয়া আচলত ধৰি
অবিৰত যাত্ৰাৰ উভটনি ।
ৰৈ ৰৈ কান্দে কাৰোবাক দি যোৱা
বাঁহীৰ সুৰত মগনত
হুৰহুৰাই লৈ যায় বতাহে কঁপাই উকমুকনি
আকুলতা ভৰা সন্ধিক্ষণ
জিৰাই যোৱা কাষত উকা লগা ঠিকনাত
চিনাকি পৃথিৱীৰ আবিৰ ছবি
আঁকি দিম হৃদয় কোনত ।
এনেকৈয়ে বাট চাই উন্মনা হিয়াৰ দাপোণ
জগাই দিয়ে আবেগৰ বোকোচাত
গজালি মেলি কোমল কুঁহি পাতৰ দৰেই
একাঁজলি পোহৰ বাট চুমি
আকাশত মেলি দিয়ে প্ৰিয়তমাৰ মেঘালি চুলি
অম্বোলা মুখত প্ৰেমৰ এটি মাথো সুৰ
নভবাকৈ হৈ যায় সম্বোধন বোৰ
আকাশ আৰু মাটিৰ দৰেই
প্ৰেমৰ এনাজৰী ।
