কলিয়াবৰত তিনি শতাধিকৰ অগপত যোগদান
ৰঙিলী বাৰ্ত্তাসেৱা- কলিয়াবৰ সমষ্টিৰ উত্তৰ ভোমোৰাগুৰি, টুবুকীজাৰণী, উত্তৰ ভেলগুৰি, মহবৰ আলী, দেৱালত, ভূৰবন্ধা, শাকপালা, হাৰিভাংগা, নিজ লাওখোৱা আৰু ধনেখোৱাত ব্যাপক নির্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰীগৰাকীয়ে প্রতিখন নির্বাচনী সভাত ভাষণত কয় যে ৰাইজৰ এই স্নেহ, মৰম আৰু আস্থাই মোক সদায় অনুপ্রাণিত কৰি আহিছে।

উন্নত, সুসংগঠিত আৰু বিকশিত সমষ্টি হিচাপে সর্বশ্রেষ্ঠ কলিয়াবৰ গঢ়ি তোলাৰ লক্ষ্যৰে পুনৰ জনতা জনাদনৰ আশীৰ্বাদ আৰু সমর্থন কামনা কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্রী কেশৱ মহন্তৰ মাৰাথন প্ৰচাৰত কংগ্ৰেছ দলৰ পৰা তিনি শতাধিক নেতা-কর্মীয়ে কংগ্ৰেছ ত্যাগ কৰি অগপত যোগদান কৰে। অগপত যোগদান কৰাসকলক মন্ত্রী কেশৱ মহন্তই অগপ দলৰ টুপী আৰু গামোচাৰে আদৰি লয়।
