জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব।
প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা, ছয়গাঁও
ৰাজ্যত এতিয়া চলি আছে নিৰ্বাচনী বতাহ। এই নিৰ্বাচনী বতাহে পাহৰাই পেলাইছে আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে এতিয়াও যে ন্যায় পোৱা নাই। চাওতে চাওতে ৭ মাহ পাৰ হ’ল কিন্তু প্ৰাণৰ শিল্পী গৰাকীয়ে এতিয়া ও ন্যায় নাপালে। ইমান বিখ্যাত এজন কণ্ঠশিল্পী সকলোৰে মৰমৰ সকলোৰে পৰিচিত ব্যাক্তিয়ে যেতিয়া ন্যায় নাপাই তেওঁৰ ন্যায়ৰ কাৰণে যদি ৰাস্তা আন্দোলন কৰিবলগীয়া হয় তেতিয়া হলে আমাৰ দৰে সাধাৰণ জনতাৰ কি হব? এতিয়া এই নিৰ্বাচনী বতৰত নিৰ্বাচনী ভাষণত বা নিৰ্বাচনী ৰেলীত নানা নেতা মন্ত্রীয়ে জুবিনক লৈ ৰাজনীতি কৰি আছে, কিছুমানে কৈ আছে আপোনালোকে আমাক ভোট দিয়ক যদি চৰকাৰ আমাৰ আহে তেন্তে ১০০ দিনৰ ভিতৰত আমি জুবিন গাৰ্গক ন্যায় দিম। যিজন মানুহে ৰাজনীতি বেয়া পাইছিল যিজন মানুহে গাইছিল পলিটিক্স নকৰিবা বন্ধু কিন্তু আজি তেওঁক লৈয়ে চলি আছে ৰাজনীতি এইটো আমাৰ বাবে এক দূখজনক ঘটনা। জুবিন গাৰ্গক লৈ ৰাজনীতি বন্ধ কৰিব লাগে আৰু অতি সোনকালে আমাক ন্যায় লাগে।
