১৮৯ খনলৈ বৃদ্ধি হ’ব বিধানসভাৰ সমষ্টিঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক বিধানসভা নির্বাচন উপলক্ষে নাজিৰা সমষ্টিৰ নামতি কৰুণাকান্ত গগৈ স্কুল খেলপথাৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্রার্থী ময়ূৰ বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্রচাৰ চলাই কয় যে এইবাৰ নাজিৰা সমষ্টিৰ পৰা ময়ূৰ বৰগোহাঁই জয়ী হোৱাটো এশ শতাংশই নিশ্চিত। নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজতে নাজিৰাত মুখ্যমন্ত্রী ড° শৰ্মাৰ ঘোষণা-অসমত বিধানসভা সমষ্টিৰ সংখ্যা ৬৩টালৈ বৃদ্ধি হ’ব। উল্লেখ্য যে ১৬ এপ্রিলত লোকসভাত উত্থাপন হ’ব এক ঐতিহাসিক বিধেয়ক। এই বিধেয়কৰ জৰিয়তে লোকসভা আৰু বিধানসভাত এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হ’ব। লক্ষণীয়ভাৱে অসমৰ ১২৬টা বিধানসভা সমষ্টি বৃদ্ধি হৈ ১৮৯টা হোৱাৰ বিপৰীতে লোকসভা সমষ্টি ১৪টাৰ পৰা ২১টালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে শেহতীয়াকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অসমত অনুষ্ঠিত বিধানসভা নির্বাচনত সলনি হৈছে ৰাজনৈতিক সমীকৰণ তথা সমষ্টিৰ সীমা। এনে নতুন সীমাৰে নতুন সমষ্টিত ৰাজনৈতিক নেতাসকল ভোটযুদ্ধত নামি পৰাৰ সময়তে আন এক নতুন খবৰে ৰাজ্যত সৃষ্টি কৰিছে ব্যাপক চর্চা। ২০২৯ চনত দেশজুৰি হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ। এই প্রক্রিয়া সম্পন্ন হ’লে দেশৰ প্ৰতিখন ৰাজ্যতে ৫০ শতাংশলৈ বাঢ়িব পাৰে বিধানসভা-লোকসভাৰ আসন। ইতিমধ্যে ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশত আৰম্ভ হৈছে লোকপিয়ল। এই প্রক্রিয়া ছেপ্টেম্বৰত সমাপ্ত হ’ব। সেই অনুসৰি দেশত প্ৰথমবাৰৰ বাবে হোৱা জাতিগত লোকপিয়ল ২০২৭ চনৰ প্ৰথমভাগতে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। লোকপিয়ল প্ৰকাশৰ লগে লগে দেশজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণ অধিসূচনা জাৰি হ’ব। এই সমষ্টি পুনৰ নিৰ্ধাৰণেৰে লোকসভাৰ বৰ্তমানৰ আসনৰ সংখ্যাৰ লগত যোগ হ’ব ২৭৩খন আসন। ইয়াৰ ফলত দেশত লোকসভাৰ আসন ৫৪৩ৰ পৰা ৮১৬খনলৈ বৃদ্ধি হ’ব। উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণ তথা বিধানসভা-লোকসভা সমষ্টি বৃদ্ধিৰ বাবে প্রয়োজন হ’ব সংবিধান সংশোধনৰ। এই উদ্দেশ্যে ১৬ এপ্রিলত লোকসভাত উত্থাপন হ’ব সংবিধান সংশোধনী বিধেয়ক। এই বিধেয়কৰ জৰিয়তে লোকসভা আৰু বিধানসভাত এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হ’ব। ইয়াৰ ফলত বিধানসভা আৰু লোকসভাত ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব। ফলত, লোকসভাত মহিলা প্ৰতিনিধিৰ সংখ্যা ২৬৯লৈ বৃদ্ধি হ’ব। এই প্রসংগতে নাজিৰাত মুখ্যমন্ত্ৰীয়ে নির্বাচনী সভাত কয়- এইবাৰ অসমত বিধানসভাৰ আসনৰ সংখ্যা ৬৩টালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ সমষ্টি পুনৰ নিৰ্ধাৰণত বিলুপ্ত হোৱা আমগুৰি সমষ্টি পুনৰ বাহাল ৰাখিবলৈ চেষ্টা কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে আজি দিয়া ইংগিতৰ পাছতে কার্যতঃ ৰাজ্যত বিধানসভা সমষ্টিৰ বৃদ্ধিৰ প্ৰসংগই যথেষ্ট চৰ্চাৰ সৃষ্টি কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণ, মহিলাৰ বাবে সমষ্টি সংৰক্ষণ আইন কাৰ্যকৰী কৰি ২০২৯ত দেশত অনুষ্ঠিত হ’ব সাধাৰণ নির্বাচন।
