আফগানিস্তানত ৫.৯ প্রাবল্যৰ ভূঁইকঁপ

Pc AI Jazeera

আফগানিস্তানত ৫.৯ প্রাবল্যৰ ভূঁইকঁপ

ৰঙিলী বাৰ্ত্তাসেৱা- আফগানিস্তানত পুনৰ ভূঁইকঁপৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯.৫০ বজাত আফগানিস্তানৰ হিন্দুকুশ অঞ্চলত এই কম্পন অভিভূত হয়। ৰিষ্টাৰ স্কেলত কম্পনৰ মাত্ৰা ৫.৯ আছিল। আফগানিস্তান ভূঁইকঁপটোৰ অভিকেন্দ্ৰ হ’লেও ইয়াৰ কম্পন অনুভূত হয় উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলতো। জানিব পৰা মতে ভূঁইকপটোৰ অভিকেন্দ্র আছিল আফগানিস্তানৰ বাদাখচান প্রদেশ। প্রদেশখন হিন্দুকুশ অঞ্চলৰ পাকিস্তান-তাজাকিস্তান সীমান্তত অৱস্থিত। ভূঁইকঁপটোৰ কম্পন দিল্লী, চণ্ডীগড়, লুধিয়ানা, শ্রীনগৰ, পুঞ্চ, ডেৰাডুন আদি চহৰত অনুভূত হয়।