সূৰ্য নেদেখা দেশ – শৰৎ দাস ব্ৰহ্মাজান,

সূৰ্য নেদেখা দেশ
শৰৎ দাস ব্ৰহ্মাজান,গহপুৰ।
সূৰ্যটো নেদেখা
আজি বহুত দিনেই হ’ল
শিলা স্তৰৰ বুকুত
দেখা নাপাওঁ কোনো দিনেই
এখন জোনাকী
 আকাশ
গভীৰ সুৰংগৰ বুকুত দেখিছোঁ
এখন নতুন
আকাশ
য’ত নাই কোনো
জোন, বেলি, তৰা ইত্যাদিবোৰ
আছে মাথোঁ
“ৰেট-হোল- মাইনিং”
ৰুপ এণ্ড – পিলাৰ
এইবোৰেই
সপোন বুলিবলৈও
একো নাই এতিয়া
মৃত্যুৱে হাত বাউল দি মাতি থকা
উপত্যকাত
শুনা নাই কোনো দিন
ঈশ্বৰৰ কথা
ব্ৰংকাইটিছ, হাঁপানিয়ে
গ্ৰাসী ধৰা হাওঁফাওঁত
এতিয়া ৰং বুলিবলৈ
একো নাই
মোৰ আয়ে মই নজনাকৈয়েই
বহুত দিন জ্বলাইছিল চাকি
গাঁৱৰ বৰ নামঘৰত
এতিয়া আৰু
নজ্বলাই
শিলাস্তৰৰ বুকু ফালি
গভীৰ সুৰংগত বাট
বিচাৰি বিচাৰি
ময়েই
জ্বলাও নিতৌ এগছি বন্তি
যাৰ নাম ‘ হেলাম্প’
মোৰ অন্ধকাৰ পৃথিৱীত
এতিয়া হেলাম্প
একমাত্ৰ
ঈশ্বৰ, মোৰ সূৰ্য
মোৰ বুকুৰ ধপধপনি।।