পুনৰ অসুস্থ গৰিমা শইকীয়া গার্গ
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ অসুস্থ হৈ পৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গার্গ ।শুকুৰবাৰে দুপৰীয়াৰ ভাগত তেওঁক গুৱাহাটীৰ দিছপুৰ হাস্পতালত ভৰ্তি কৰোৱা হয় ।হাস্পতালখনৰ চিকিৎসক ডাঃ চন্দন মোদকে সদৰী কৰা অনুসৰি গৰিমা শইকীয়া গাৰ্গৰ দেহত ৰক্তচাপ আৰু শৰ্কৰাৰ পৰিমাণ অবিশ্বাস্যভাবে নিম্নগামী হৈ পৰিছে। যাৰ বাবে তেওঁ হঠাতে অসুস্থ হৈ পৰিছে। গৰিমা শইকীয়া গাৰ্গৰ স্বাস্থ্য সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত চিকিৎসকে জানিবলৈ দিয়ে যে, শুকুৰবাৰে বিয়লি ৩ বজাত তেওঁক দিছপুৰ হাস্পতালত ভৰ্তি কৰোৱা হয় । দেহত শৰ্কৰা আৰু ৰক্তচাপ কমি যোৱাৰ বাবে তেওঁ অসুস্থ হৈ পৰিছিল । চিকিৎসা আৰম্ভ কৰাৰ পিছত তেওঁ পূৰ্বতকৈ কিছু সুস্থ হৈছে যদিও এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই । সম্পূৰ্ণ সুস্থ হ’বলৈ তেওঁক কিছু সময়ৰ প্ৰয়োজন হ’ব । সেইবাবে আগন্তুক ২-৩ দিন তেওঁ হাস্পতালতে চিকিৎসাধীন হৈ থাকিব লাগিব । অসুস্থতাৰ সন্দৰ্ভত চিকিৎসকে অধিক তথ্য দি কয়, “যোৱা তিনিদিন ধৰি তেওঁ সঠিকভাৱে আহাৰ গ্ৰহণ কৰা নাই আৰু টোপনিও হোৱা নাই । নোখোৱা-নোবোৱাৰ বাবে তেওঁৰ ওজন কমিছে আৰু শৰীৰ যথেষ্ট দুৰ্বল হৈ পৰিছে । তেওঁ বৰ্তমান তীব্ৰ মানসিক চাপত আছে আৰু তেওঁক পৰ্যাপ্ত জিৰণিৰ প্ৰয়োজন । আশা কৰা হৈছে যে আগন্তুক ২-৩ দিনৰ ভিতৰত তেওঁ সুস্থ হৈ উঠিব । যোৱা ছয় মাহ ধৰি তেওঁ অসুস্থ হৈ আছে । এমাহমান আগতেও তেওঁ এবাৰ অসুস্থ হৈ পৰিছিল । তেওঁক জিৰণি প্ৰয়োজন আছে । তেওঁ মানসিক চাপত আছে । শিল্পীপত্নী গৰিমা শইকীয়া গার্গে বিগত প্রায় ছমাহ ধৰি যথেষ্ট অসুস্থ হৈ পৰিছে। পূর্বেও বহুবাৰ তেওঁ চিকিৎসাধীন হৈছিল।
