বৰখলা-ঢলাই-হাইলাকান্দি-আলগাপুৰত মুখ্যমন্ত্রী ৰ বিজয় সংকল্প সভা
ৰঙিলী বাৰ্ত্তাসেৱা- বৰাক উপত্যকাৰ হাইলাকান্দি আৰু কাছাৰ জিলাৰ চাৰিটা গুৰুত্বপূৰ্ণ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি আৰু মিত্ৰজোঁটৰ সমৰ্থনত এক প্রবল জোৱাৰৰ সৃষ্টি কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রী ড° শৰ্মাই ক্রমে হাইলাকান্দি, ধলাই, কাটিগড়া আৰু বৰখলা বিধানসভা সমষ্টিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰাৰ লগতে সন্ধিয়া শিলচৰ চহৰত এক বিশাল ৰোড শ্ব’ত ভাগ লয়। প্রতিখন সভাতে হাজাৰ হাজাৰ জনতাই উষ্ম আদৰণি জনাই বিজেপি মিত্ৰজোঁটৰ প্ৰতি থকা অকুণ্ঠ সমর্থন প্রদর্শন কৰে। হাইলাকান্দি বিধানসভা সমষ্টিৰ লালা বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত বিজয় সংকল্প সভাত অংশ লৈ মুখ্যমন্ত্রীয়ে কয় যে বৰাকৰ জনতাই প্ৰমাণ কৰি দিলে যে তেওঁলোকে কেৱল উন্নয়ন বিচাৰে। তেওঁ দাবী কৰে যে যোৱা ৫ বছৰত বিজেপি চৰকাৰে সমগ্ৰ অসমৰ লগতে বৰাক উপত্যকাতো স্থায়ী শান্তি আৰু উন্নয়ন প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ড° শৰ্মাই দৃঢ়তাৰে কয় যে এইবাৰ বিজেপিয়ে ১০০খন আসন লাভ কৰি দিছপুৰত পুনৰ চৰকাৰ গঠন কৰিব আৰু হাইলাকান্দিৰ বিজেপি প্রার্থী মিলন দাসৰ জয় ১০০ শতাংশ নিশ্চিত। বিশেষকৈ হাইলাকান্দিৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড° শর্মাই কয় যে মিলন দাস জিকাৰপাছত তেওঁলোক দুয়োজন মিলি হাইলাকান্দিত উন্নয়নৰ গংগা বোৱাব। তেওঁ হাইলাকান্দিৰ বাবে বিশেষ শৈক্ষিক তথা স্বাস্থ্যখণ্ডৰ পেকেজ ঘোষণা কৰি কয় যে জিলাখনত এখন ইঞ্জিনিয়াৰিং কলেজ, এখন মেডিকেল কলেজ, এখন কেঞ্চাৰ হাস্পতাল আৰু এখন নতুন বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব। ইয়াৰ উপৰি হাইলাকান্দি চহৰৰ যান-জটৰ সমস্যা দূৰ কৰিবলৈ ৰতনপুৰ ৰোডত এখন উৰণীয়া সেতু আৰু শিলচৰৰপৰা অসম বিশ্ববিদ্যালয় হৈ হাইলাকান্দিলৈ যোৱা পথটো ডাবললেন কৰাৰ প্ৰতিশ্রুতি দিয়ে। বিৰোধী প্রার্থী ৰাহুল ৰয়ক তীব্র সমালোচনা কৰি ড° শৰ্মাই কয় যে যি সন্তানে নিজৰ দেউতাকক সম্মান নকৰে তেওঁ হাইলাকান্দিৰ দুখীয়া ৰাইজক কেতিয়াও সন্মান কৰিব নোৱাৰে।ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে ধলাই বিধানসভা সমষ্টিৰ পালংহাট উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিৰ্বাচনী সভাত ভাষণ দি কয় যে ধলাই সমষ্টিত বিজেপিৰ প্রার্থী অমিয় কান্তি দাস ৫০ হাজাৰ ভোটত জয়ী হোৱাটো নিশ্চিত। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ধলাইৰ ভৌগোলিক পৰিসৰৰ কিছু সালসলনি ঘটিছে যদিও নতুনকৈ অন্তর্ভুক্ত হোৱা এলেকাসমূহতো বিজেপিৰ শক্তি বৃদ্ধি পাইছে বুলি তেওঁ দাবী কৰে। ড° শৰ্মাই কয় যে বিজেপি চৰকাৰ অহাৰ পাছত ৰাজ্যৰ দুখীয়া পৰিয়ালসমূহে চাউল, দাইল, নিমখ, চেনি আৰু চাহপাতৰ লগতে এতিয়াৰেপৰা মাহে এক লিটাৰকৈ মিঠাতেলো বিনামূলীয়াকৈ লাভ কৰিব। ধলাইত কাৰ কাৰ অৰুণোদয় আঁচনি নাই সেই বিষয়ে বুজ লৈ তেওঁ ঘোষণা কৰে যে অনাগত দিনত কোনো যোগ্য হিতাধিকাৰী এই আঁচনিৰপৰা বঞ্চিত নহয়। আনহাতে বিৰোধী দল কংগ্ৰেছক তীব্র সমালোচনা কৰি ড° শৰ্মাই কয় যে কংগ্ৰেছে কেৱল ধুতী, লুঙী আৰু কম্বল দিয়াৰ ৰাজনীতিহে কৰে, কিন্তু বিজেপি চৰকাৰে জনসাধাৰণক অৰুণোদয়ৰ দৰে আঁচনি আৰু লাখ লাখ চৰকাৰী চাকৰি প্ৰদান কৰি প্ৰকৃত উন্নয়ন কৰিছে। কাটিগড়া বিধানসভা সমষ্টিৰ হিলাৰা মাঠত আয়োজিত সভাত অংশ লৈ ড° শৰ্মাই কয় যে কাটিগড়াবাসীৰ মৰমে প্ৰমাণ কৰিছে যে ইয়াত বিজেপিৰ জয় নিশ্চিত। তেওঁ কয় যে অহা ৯ এপ্রিলত হ’বলগীয়া নিৰ্বাচনৰ বাবে চলোৱা যোৱা তিনি মাহৰ যাত্ৰাত তেওঁ শদিয়াৰ পৰা ধুবুৰীলৈ ৩০০তকৈও অধিক সভা সম্পন্ন কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে এইবাৰ বিজেপি দলে ৯০ৰপৰা ১০০খন আসন লাভ কৰি চৰকাৰ গঠন কৰাটো নিশ্চিত আৰু কেৱল বৰাক উপত্যকাৰ ১৩খন আসনৰ ভিতৰত ৯ৰপৰা ১১খন আসনেই বিজেপিয়ে লাভকৰিব। বিশেষকৈ কাটিগড়া সমষ্টিত দলীয় প্রার্থী কমলাক্ষ দেৱপুৰকায়স্থ ৫০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি তেওঁ ভবিষ্যদ্বাণী কৰে। চাহ বাগানৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰাৰ লগতে চাহ শ্রমিকসকলক ভূমিৰপট্টা আৰু পি এম আৱাস যোজনাৰ অধীনত ১৫ লাখ নতুন ঘৰ নিৰ্মাণ কৰি দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। বৰখলা বিধানসভা সমষ্টিৰ শিলকুৰি চাহ বাগিচা খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্রী ড° শর্মাই কয় যে বৰখলা সমষ্টিৰ বিজেপি প্রার্থী কিশোৰ নাথক জয়ী কৰোৱাৰ বাবে জনসাধাৰণে যি সংকল্প লৈছে, তাৰ ফলত সমষ্টিটোত কংগ্ৰেছ দল নিশ্চিহ্ন হৈপৰিব।

তাৰ পাছত সন্ধিয়া মুখ্যমন্ত্ৰীয়ে শিলচৰ চহৰত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। শিলচৰ বিধানসভা সমষ্টিৰ বিজেপি প্রার্থী ৰাজদ্বীপ ৰয়ৰ সমৰ্থনত আয়োজিত এই ৰোড শ্ব’ত ইটাখোলা ত্ৰাই জংচনৰপৰা নেতাজী প্রতিমূর্তি পইন্টপর্যন্ত হাজাৰ হাজাৰ লোকে তেওঁক পুষ্পবৃষ্টিৰে উষ্ম আদৰণি জনায়। বৰাক উপত্যকাত মুখ্যমন্ত্রী ড° শৰ্মাৰ এই নির্বাচনী প্রচাৰে অঞ্চলটোত বিজেপি মিত্রজোটৰ পক্ষত এক ব্যাপক জন-জোৱাৰৰ সৃষ্টি কৰে।
