বি. বৰুৱা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় সন্মিলন ‘ICECBISF-2026’ – এ.আৰ ৰহমান

Pc Wikipedia

বি. বৰুৱা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় সন্মিলন ‘ICECBISF-2026’

এ.আৰ ৰহমান

প্ৰকৃতি আৰু মানৱ সভ্যতাৰ সম্পৰ্ক অতি নিবিড়। কিন্তু বৰ্তমানৰ গোলকীয় উষ্ণতা আৰু দ্ৰুত পৰিৱেশ পৰিৱৰ্তনে মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। এনে এক সন্ধিক্ষণত, গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বি. বৰুৱা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ আৰু উদ্ভিদবিজ্ঞান গৱেষণা বিভাগৰ উদ্যোগত যোৱা ১৩ আৰু ১৪ মাৰ্চত ‘পৰিৱেশ প্ৰত্যাহ্বান আৰু বহনক্ষম ভৱিষ্যতৰ বাবে জৈৱ সম্পদ উদ্ভাৱন’ (ICECBISF-2026) শীৰ্ষক এক দুদিনীয়া বিশাল আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনখন আছিল জ্ঞান, বিজ্ঞান আৰু প্ৰকৃতিৰ এক অপূৰ্ব মিলনভূমি, য’ত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য আৰু মালেছিয়াৰ দৰে দেশৰ পৰা প্ৰায় ৩০০ গৰাকী গৱেষক ছাত্ৰ-ছাত্ৰী (Research Scholars) আৰু বহুকেইগৰাকী যশস্বী বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে।

​১৩ মাৰ্চৰ পুৱা পঞ্জীয়ন আৰু প্ৰাতঃভোজনৰ অন্তত ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত সন্মিলনখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। বন্তি প্ৰজ্বলন আৰু আদৰণি ভাষণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্ত। তেখেতে নিজৰ ভাষণত পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত জৈৱ সম্পদৰ সঠিক আৰু বিজ্ঞানসন্মত ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। ইয়াৰ পিছতেই গৱেষণা পত্ৰসমূহৰ বিতং আলোচনাৰ বাবে মহাবিদ্যালয়ৰ ৪টা সুকীয়া হলত সমান্তৰালভাৱে কাৰিকৰী অধিবেশনসমূহ অনুষ্ঠিত কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল: ​ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহ,​কনফাৰেন্স হল,​ এছ. এম. দাস লেকচাৰ গেলেৰী আৰু ​উদ্ভিদবিজ্ঞান বিভাগৰ নিৰ্দিষ্ট চেমিনাৰ কক্ষ। ​প্ৰথম দিনৰ কাৰিকৰী অধিবেশনত TERI School of advanced studies ৰ অধ্যাপক শশী ভূষণ ত্ৰিপাঠীয়ে তেওঁৰ মূল ভাষণত আধুনিক কৃষি উদ্যোগত জৈৱ সম্পদৰ প্ৰয়োগৰ বিষয়ে আলোচনা কৰে। দিনটোৰ বিভিন্ন শিতানত দেশ-বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা অহা অধ্যাপক সকলে পৰিৱেশ তন্ত্ৰৰ স্বাস্থ্য আৰু উদ্ভিদ বিজ্ঞানৰ গুৰুত্বৰ ওপৰত বক্তব্য আগবঢ়ায়। বিয়লিৰ ভাগত যুক্তৰাজ্যৰ লিংকন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অৰুনাভিৰাম চুতীয়া আৰু IASST ৰ অধ্যাপক দেৱজিৎ ঠাকুৰে বহনক্ষম প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত আলোকপাত কৰে। আৰু এনেদৰে প্ৰথম দিনৰ কাৰ্যসূচী অন্ত পৰে।

​১৪ মাৰ্চৰ পুৱা দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। এই দিনটোৰ বিশেষ আকৰ্ষণ আছিল আমেৰিকাৰ ক্লিমেছন বিশ্ববিদ্যালয়ৰ সহযোগী বিজ্ঞানী ড° জ্যোতি প্ৰসাদ কাকতিৰ ভাষণ। তেওঁ জলবায়ু পৰিৱৰ্তনৰ গোলকীয় সংকট আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়সমূহৰ বিষয়ে বিজ্ঞানসন্মত ব্যাখ্যা আগবঢ়ায়। বিয়লিৰ অধিবেশনত আইআইটি গুৱাহাটীৰ অধ্যাপক লিংগৰাজ সাহু আৰু অধ্যাপক উৎপল বৰাই জৈৱ সম্পদক কিদৰে অৰ্থনৈতিকভাৱে লাভজনক কৰি তুলিব পাৰি, সেই বিষয়ে গৱেষকসকলৰ সৈতে মত বিনিময় কৰে।

​বি. বৰুৱা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ উদ্যোগত আয়োজিত ‘ICECBISF-2026’ শীৰ্ষক উচ্চস্তৰীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনে অসমৰ শৈক্ষিক ইতিহাসত এক নতুন মাইলৰ খুঁটি স্থাপন কৰাৰ লগতে ৰাজ্যৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা বহন কৰিছে। বুজন সংখ্যক গৱেষকৰ অংশগ্ৰহণে জ্ঞানৰ বিশ্বায়নৰ পথ প্ৰশস্ত কৰাৰ লগতে থলুৱা বিজ্ঞানীসকলক বিশ্বৰ আগশাৰীৰ বিশেষজ্ঞৰ সৈতে মত-বিনিময়ৰ এক বিৰল সুযোগ প্ৰদান কৰিছে, যি আমাৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ বিশ্বমানৰ বৌদ্ধিক চৰ্চাৰ সামৰ্থ্যকে প্ৰমাণ কৰে। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা জৈৱ-বৈচিত্ৰ্যৰ সুৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা আৰু জৈৱ-প্ৰযুক্তিৰ জৰিয়তে নিবনুৱা সমস্যা সমাধানৰ যি সম্ভাৱনা এই সন্মিলনে দাঙি ধৰিছে, সেয়া সমাজ আৰু অৰ্থনীতিৰ উত্তৰণৰ বাবে অত্যন্ত আশাব্যঞ্জক। বঁটা বিতৰণ আৰু প্ৰমাণপত্ৰ প্ৰদানেৰে সামৰণি পৰা এই অনুষ্ঠানটি কেৱল এটা সন্মিলন হৈ নাথাকি, গৱেষণাৰ জৰিয়তে পৃথিৱীক সেউজীয়া আৰু বহনক্ষম কৰি তোলাৰ যি সংকল্প ইয়াত গ্ৰহণ কৰা হ’ল, সি আগন্তুক সময়ত এক শক্তিশালী সামাজিক আন্দোলন হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।