বহাগৰ সুবাস – দৰ্শনা দত্ত

Pc Gardenia.net

বহাগৰ সুবাস 

দৰ্শনা দত্ত 
দেৰগাঁও,গোলাঘাট 

বহাগ আহিল আকৌ
প্ৰকৃতি সেউজী কৰি,
প্ৰভাতত কুলিৰ মাতত
যায় প্ৰাণ ভৰি।
লঠঙা গছৰ ডালত
কুঁহিপাতৰ হাঁহি,
ৰঙীন ফুলেৰে সজ্জিত
প্ৰকৃতি ৰাণী।
তগৰ,কপৌ,মদাৰে
সুবাস বিলায়,
ৰঙালীৰ উলাহে অসম জিলিকায়।
নাচনীৰ তাঁতশালত চেনেহৰ বিহুৱান,
ঢুলীয়াক পিন্ধাবলৈ আছে বাট চায়।
আইৰ আখলত দৈ,চিৰা,পিঠা,
হুঁচৰি জুৰিব সবে জোনাকী সন্ধিয়া।
মলয়া বতাহে আহি বিহুগীত গায়,
ঢোল,পেঁপা, গগনাই আকাশ কঁপায়।
নেঘেৰী খোপাত জিলিকিছে আদৰৰ কপৌফুল,
নাচনীৰ দুয়োহাতত জেতুকাৰে বোল।
অসমী আইৰ মুখত হাঁহি জিলিকি আছে,
হেঁপাহৰ বিহু ৰঙালী আকৌ আহিলে।