ছালৰ ৰং জানো যোগ্যতা আনে? – গীতালী ভৰালী

Pc Human Boday Learning

ছালৰ ৰং জানো যোগ্যতা আনে?

গীতালী ভৰালী
ডিব্ৰুগড়

আপোনাৰ ছালৰ বৰণ টোৱে জানো আপোনাৰ জীৱনৰ প্ৰত্যেকটো কামৰ বাধা হব পাৰে নিশ্চয় কৈ নোৱাৰে।

তেনক্ষেত্ৰত ছালৰ বৰণ লৈ মানুহে কৰা তুচ্চ তাচ্ছিল্য বোৰ জানো যুক্তি সংগত হয় নাইবা এইটো কোনো সমালোচনাৰ বিষয় হয়?

গাৰ বৰণ কলা হৈয়ো জানো মানুহ আজিৰ তাৰিখত ভাল ভাল পদবীৰ অধিকাৰী হোৱা নাই , তেনে ব্যক্তিৰ উদাহৰণ বহুতেই আছে আমাৰ দৃষ্টিত।

ৰঙে কি শুৱাব গুণেহে তৰাব  নহয় জানো ?

 অত্যন্ত বগা মানুহৰ যিমান যোগ্যতা থাকিব পাৰে সেই কলা ব্যক্তি জনৰো হয়টো সমান নাইবা অধিক যোগ্যতা থাকিব পাৰে , এই ছালৰ ৰঙেৰে মানুহৰ চৰিত্ৰৰ জোখ মাখ লোৱা নহয় আৰু কোনো কৰ্মৰ পৰা বঞ্চিত নহয় ।

মনৰ আৱৰণ খন পৰিষ্কাৰ হোৱাটোহে পবিত্ৰতাৰ পৰিচয় দেহৰ বৰণটোনো কি মানুহৰ সমৰ্থ থাকিলে কেইটামান টকা দি কৃত্ৰিম ভাবেও নিজৰ ৰং সলাই লব পাৰি।

এইবোৰ জানো ইতিকিং কৰাৰ বিষয় হয়?

 এই জীৱনত আপুনি মই কৰিব লগা বহুত আছে আপোনাৰ মোৰ নিজা নিজা যোগ্যতাৰে যিমান পাৰে আনক উপকাৰ কৰিব লাগে, কু সংস্কাৰ বাদ দি সু সংস্কাৰে সমাজখনক আগুৱাই নিব লাগে নতুবা নিজকেই সমাজত শ্ৰেষ্ঠ ব্যক্তিত্বৰ পৰিচয় দাঙি ধৰাৰ প্ৰয়াস কৰিব লাগে সেইটোহে আচল পৰিচয়।

কোন কত কিয় কেনেকুৱা এনেধৰণৰ কু মনোবৃত্তি বোৰ আঁতৰাই পেলাওক পাৰিলে ভাল ভাল কৰ্ম কৰক নহলেও ভাল সমালোচনা বোৰ কৰক ।

আচলতে কি জানে গাৰ ৰং টো কলা হলেও এখন সঁচা অন্তৰহে লাগে যাতে সঘনাই মনৰ ৰং সলাব নোৱাৰে।এজন ব্যক্তি নুন্যতম চহকী হলেও নাইবা একেবাৰে সাধাৰণ ভাবে থাকিলেও তেওঁ তেওঁৰ যোগ্যতাৰে উচ্চাকাংক্ষী হব পাৰে আৰু এই পৃথৱীখনত চলিবলৈ যিমান খিনি আধুনিকতাৰ প্ৰয়োজন অথবা যিমান খিনি আধুনিকতাৰে  এজন লোকৰ আত্মসন্মান ৰক্ষা কৰিব পাৰে সিমানখিনিৰ অধিকাৰী হোৱাটোৱেই শ্ৰেয়।