বগা গোলাপ
এছ ইছলাম, বৰপেটা
শাৰদীয় পোহৰত
মন মোৰ হৰষিত
অনেক তৰালিয়ে
নাচে আকাশত।
নানা ভাৱ নানা ভাষাৰ
বহু আবেগত
গীত গোৱা সুমধুৰ
মনৰ উলাহত।
মেঘমুক্ত আকাশৰ
সীমাহীন ৰূপ চাই
হে বগা গোলাপ,
মনৰ মাজত গুপুত বতৰা
দিয়া তুমি কাণে কাণে
জোনবাই লৈ চাই ।
তোমাৰ শুভ্ৰ পাহিবোৰ
লাহে লাহে মেল খাই
কাকনো দেখুওৱা তুমি
ৰূপ মাধুৰী খিনি ।
কিন্তু ইকি হায়!
কিনো বেজাৰত সৰি সৰি পৰা
বুকুত ৰাখি গোপন কথাটি
কিয় বাৰু চাটি ফুটি মৰা ?
নিয়ৰে পিন্ধায় নিতৌ
মুকুতাৰ মালা
তাৰ জানো দিবা প্ৰতিদান ?
যদি নিদিয়া তোমাক জানিম
জগতৰ বহুতৰ দৰে
আপোনপেটিয়া তুমি
নিষ্ঠুৰ পৰাণ।
