ফাগুন  – প্ৰবীণ কুমাৰ টায়ে

Pc AmaderShomoy.com

ফাগুন 

প্ৰবীণ কুমাৰ টায়ে
লালুক লক্ষীমপুৰ 

বুকুৰ একোণত উখল-মাখল
উতনুৱা বতাহৰ খেল,
লঠঙা গছৰ ডালত কঁপনি
সৰা পাতে পাতে মেল।
পলাশ-মাদাৰৰ ৰঙা হাঁহি
শিমলুৰ ৰঙীন সাজ,
ধূলিয়ৰি বাটত ফাগুনৰ খোজ
পছোৱা বতাহৰ ৰাজ।
অকঁৰা কবিৰ কলমৰ লিগিৰি
শব্দৰ মায়াত বিভোৰ,
ফাগুনে যেতিয়া দি থৈ যায়
বসন্ত অহাৰ ওৰ।