উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীয়ে এম.আই.এল.ত অধ্যয়ন কৰিব পাৰিব বিকল্প ইংৰাজী বিষয়

Pc-The Sentinel Assam

উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীয়ে এম.আই.এল.ত অধ্যয়ন কৰিব পাৰিব বিকল্প ইংৰাজী বিষয়

অনলাইন বাৰ্ত্তাসেৱা – উচ্চতৰ মাধ্যমিকৰ দুয়োটা বৰ্ষতে আধুনিক ভাৰতীয় ভাষা (এম আই এল)ত বিকল্প ইংৰাজী বিষয়টো বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মাধ্যমিক শিক্ষা বিভাগে। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই সম্বন্ধীয় জাননী জাৰি কৰাৰ পাছত মাধ্যমিক শিক্ষা বিভাগে ইয়াত চূড়ান্ত মোহৰ মাৰি জাননী জাৰি কৰে৷ উল্লেখ্য যে যোৱা ৪ জানুৱাৰীত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদত এম আই এলত বিকল্প ইংৰাজী বিষয় অন্তর্ভুক্তিৰ সিদ্ধান্ত উঠাই ল’বলৈ বাধ্য হৈছিল। তাৰ পাছতে এতিয়া উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ প্ৰস্তুতি চলি থাকোতে সংসদে উক্ত সিদ্ধান্ত পুনৰ প্ৰযোজ্য কৰি এম আই এলত বিকল্প ইংৰাজী বিষয় অন্তর্ভুক্ত কৰে আৰু প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে শিক্ষানুষ্ঠানসমূহে তৈয়াৰ কৰা ‘দর্পণ’ প’ৰ্টেলত এই বিষয়টোও সংযুক্ত কৰিবৰ বাবে নির্দেশ দিছে। মাধ্যমিক শিক্ষা বিভাগে জাৰি কৰা জাননীখনত কাৰ্বি ছাত্ৰ সন্থা, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলঙৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষসহ অন্যান্য লোক আৰু ডিমা হাছাওৰ বহু লোকে এম আই এলত বিকল্প ইংৰাজী বিষয়টো অন্তর্ভুক্তিৰ বাবে শিক্ষা বিভাগক আহ্বান জনাই অহা বুলি উল্লেখ কৰা হৈছে। ইপিনে মাধ্যমিক শিক্ষা বিভাগৰ এই সিদ্ধান্তত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে পূৰ্বাঞ্চল টাই সাহিত্য সভাই।

(RT.)