মাজুলী মহাবিদ্যালয়ৰ ‘সনিৰ্বন্ধ সোঁৱৰণ’ অনুষ্ঠান
প্ৰতিষ্ঠাপক শিক্ষাবিদ হেমচন্দ্ৰ মহন্তলৈ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ উচ্চশিক্ষাৰ প্ৰথম অনুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপকসকলক স্মৰণ আৰু বন্দনা কৰাৰ উদ্দেশে অনুষ্ঠিত কৰি অহা ‘সনিৰ্বন্ধ সোঁৱৰণ’ শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানৰ চতুৰ্থটি বক্তৃতানুষ্ঠান শিক্ষানুষ্ঠানটিৰ অন্যতম প্ৰতিষ্ঠাপক, মেৰাগড় নাৰায়ণদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শিক্ষাবিদ হেমচন্দ্ৰ মহন্তৰ পৱিত্ৰ স্মৃতিত তেওঁৰ কৰ্মভূমি বনগাঁৱত অনুষ্ঠিত কৰা হয়। এই উদ্দেশে বনগাঁও ৰংঘৰত দিনৰ ১১.০৫ বজাৰ পৰা আয়োজিত ‘শিক্ষাবিদ হেমচন্দ্ৰ মহন্তৰ ত্যাগ আৰু আদৰ্শ’ শীৰ্ষক বক্তৃতানুষ্ঠানটিত সভাপতিত্ব কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। বনগাঁওবাসী ৰাইজৰ সহযোগত বনগাঁও ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে বৰেণ্য পুৰুষ হেমচন্দ্ৰ মহন্তৰ প্ৰতিছবিত পুষ্পাৰ্ঘ্য তৰ্পণ, দীপ আৰু ধূপ প্ৰজ্বলন কৰে ক্ৰমে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষদ্বয় ক্ৰমে সৰ্বেশ্বৰ হাজৰিকা, নৰেন চন্দ্ৰ ঠাকুৰীয়া আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক অমৃতেশ্বৰ চুতীয়াই। কাৰ্যসূচীৰ পূৰ্বেই মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰবীন চন্দ্ৰ শইকীয়া, দিলীপ শইকীয়া আৰু প্ৰেম চন্দ্ৰ চাহুৱে উদযাপন সমিতিৰ হৈ বিশিষ্ট অতিথিসকলক অংগবস্ত্ৰেৰে আদৰণি আৰু সম্ভাষণ জনায়। মহাবিদ্যালয়ৰ অভ্যন্তৰীণ মান নিশ্চিকৰণ কোষৰ সমন্বয়ক বসন্ত বৰাই আঁত ধৰা অনুষ্ঠানটো শুভাৰম্ভ কৰা হয় শিল্পী অপূৰ্ব বুবু ভূঞা আৰু সুনীল কুমাৰ শইকীয়াৰ পৰিচালিত, মহাবিদ্যালয়ৰ শিক্ষাৰ্থী বৰ্ণিতা ভূঞাৰ দ্বাৰা পৰিৱেশিত এটি বৰগীতেৰে। বনগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শম্ভুনাথ তামুলীয়ে উদ্বোধন কৰা সভাখনিত আদৰণী ভাষণ দিয়ে মহন্তৰ কনিষ্ঠ পুত্ৰ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উত্তৰ অসম মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তা জ্যোতি কৃষ্ণ মহন্তই। নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই ডিব্ৰুগড় হনুমানবক্স কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা মহন্তৰ জ্যেষ্ঠপুত্ৰ ডঃ জয়কৃষ্ণ মহন্তই কয়, “পঞ্চযজ্ঞ সমাপনেৰে জীৱন কালত সমাজৰ ঋণ শুঁজিবলৈ সক্ষম হোৱা শিক্ষাবিদ হেমচন্দ্ৰ মহন্তৰ নিচিনা ত্যাগী পুৰুষসকলৰ নিঃস্বাৰ্থ সেৱাৰ বাবেই মাজুলীখন জাতিষ্কাৰ হ’ল।তেনে ক্ষণজন্মা লোকসকলৰ পৰ্যায়ক্ৰমে স্মৃতিচাৰণ কৰি মাজুলী মহাবিদ্যালয়ে কৰা মহৎ কৰ্মক শলাগিবলৈ ভাষাৰ অভাব।” সভাপতিৰ ভাষণত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই সমস্যাজৰ্জৰ মাজুলীত অজাতশত্ৰু শিক্ষাবিদ হেমচন্দ্ৰ মহন্তই জ্ঞান বিস্তাৰৰ বাবে কৰা আশাশুধীয়া ত্যাগ অবৰ্ণনীয় বুলি উল্লেখ কৰি কয়, “মহন্তৰ দৰে ব্যক্তিসকলে ত্যাগসৰ্বস্ব কষ্টেৰে বান্ধি থৈ যোৱা বাটে কিমানক সঠিক জীৱনৰ সন্ধান দিলে, তাৰ লেখ কৰিব নোৱাৰি।” মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, মাজুলীৰ সংবাদ জগতৰ মহীৰূঢ় বিপিন শইকীয়া, পূব মাজুলী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডঃ অৰূপ কুমাৰ বৰা, বৰ্তমানৰ অধ্যক্ষ দীপক বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটিত পৰিয়ালবৰ্গৰ ফালৰ পৰা বক্তব্য আগবঢ়ায় মহন্তৰ জ্যেষ্ঠা পুত্ৰবধূ তথা চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী, সুলেখিকা ডঃ জুনু মহন্তই। অনুষ্ঠানত শিক্ষয়িত্ৰী-শিল্পী ৰুবী শইকীয়াই এটি লোকগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। আজিৰ অনুষ্ঠানতে মহন্তৰ কনিষ্ঠা বোৱাৰী তথা কবি-শিশু সাহিত্যিক বন্দনা মহন্তই মহাবিদ্যালয়ৰ পুথিভঁৰাললৈ এটি গ্ৰন্থৰ টোপোলা আগবঢ়ায়। সভাত ডিব্ৰুগড় হনুমানবক্স কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ বিদিশা মহন্ত হাজৰিকা, মহিলা কোষৰ সম্পাদিকা ডঃ অনন্যা বৰুৱা, জ্যেষ্ঠ অধ্যাপক ডঃ দুলাল হাজৰিকা, দীনেশ পেগু, নৱজিৎ চেলেং, বিজয় টিমুং, আচাৰ্য মোহন দাস, ডঃ চিকমি বৰা, জ্যেষ্ঠ কাৰ্যালয় সহায়ক পদ্মধৰ বৰুৱা, শিক্ষাবিদ বলোৰাম কলিতা, প্ৰভাত শইকীয়া, অৱণী বৰা, প্ৰফুল্ল হাটীমতা, কমল চন্দ্ৰ তামুলী, প্ৰদীপ শৰ্মা, মুহিন্দ্ৰ গায়ন, লক্ষেশ্বৰ শইকীয়া, বগাধৰ দাস, উপেন বৰা, যুগল বৰা, সুৰেন বৰা, হৰেন বৰা, চন্দ্ৰধৰ হাজৰিকা, ৰবীন্দ্ৰ নাথ শইকীয়া, বুদ্ধিন বৰা, মালা গায়ন, অনুপ কুমাৰ বৰা, জিতেন হাজৰিকা, পু্ৰ্থিনী হাঞ্চেপী, নয়ন শৰ্মা, পুলক শইকীয়া, মানস কলিতা, ধ্ৰুৱজ্যোতি ওজা, সমাজকৰ্মী শেৱ হাজৰিকা, দীন শইকীয়া, গুণীন্দ্ৰ নাথ বৰা, যতীন শইকীয়া, মীনাৰাম ভূঞা, জীৱকান্ত ভূঞা, ৰীতা শইকীয়া, কৌশল্যা বায়ন হাজৰিকা, মৌচুমী কলিতা, ৰশ্মি হাজৰিকা, কবিতা তামুলী, বীণা মেধি ভৰালী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপৰি সভাত দুই শতাধিক লোক উপস্থিত থাকে।
