জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যক নিলম্বনৰ নিৰ্দেশ

Pc GMCH

জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যক নিলম্বনৰ নিৰ্দেশ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভঙাগড়ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যক তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হস্তক্ষেপত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উপ-সচিবে অসম চৰকাৰৰ স্বাস্থ্য শিক্ষাৰ সচিবলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে সহকর্মী চিকিৎসকে অনা যৌন নিৰ্যাতনৰ অভিযোগক লৈ এইবাৰ ৰোষত পৰিছে জি এম চি এইচৰ  অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য। অধ্যক্ষগৰাকীৰ বিৰুদ্ধে কৰ্তব্যৰত সময়ছোৱাত যৌন নির্যাতন চলোৱাৰ অভিযোগ তুলি এগৰাকী মহিলা চিকিৎসকে ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। তাৰ পাছতে ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগলৈ এক পত্ৰ প্ৰেৰণ কৰি অধ্যক্ষ ডাঃ অচ্যুত  বৈশ্যৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ নিৰ্দেশ জাৰি কৰিছে। নির্দেশনা-পত্ৰখনত মহিলা আৰু শিশু সবলীকৰণ বিভাগৰ অৱৰ সচিবে পিঅ’এছএইচ আইনৰ অধীনত যৌন নির্যাতন, হাৰাশাস্তিৰ অভিযোগ লিপিবদ্ধ কৰি তাৎক্ষণিকভাবে অধ্যক্ষ ডাঃ বৈশ্যক নিলম্বনৰ বাবে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগক অনুৰোধ জনোৱা হৈছে। উল্লেখ্য যে মহিলা চিকিৎসকগৰাকীয়ে উত্থাপন কৰা অভিযোগৰ পাছত ৰাজ্য চৰকাৰৰ দুজনীয়া তদন্ত কমিটীয়ে অধ্যক্ষ ডাঃ বৈশ্যৰ ঘটনাটোক লৈ তদন্ত চলাই আছিল। জানিব পৰা মতে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হস্তক্ষেপত অধ্যক্ষ ডাঃ বৈশ্যক নিলম্বনৰ বাবে মহিলা আৰু শিশু সবলীকৰণ বিভাগে এই পত্ৰ প্ৰেৰণ কৰিছে। বিগত কিছুদিন পূর্বে অধ্যক্ষ ডাঃ বৈশ্যৰ বিৰুদ্ধে অশ্লীল ইংগিত তথা যৌন নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ তোলা জিএমচিএইচৰ সহযোগী অধ্যাপিকা মহিলা চিকিৎসকগৰাকীয়ে অকল চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰাতেই ক্ষান্ত নাথাকি আৰক্ষীৰ ওচৰত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছিল।