গৰখীয়া গোসাঁই থানত সেৱা লৈ জন আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ

গৰখীয়া গোসাঁই থানত সেৱা লৈ জন আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-বৰপেটা জিলাৰ ভৱানীপুৰ-সৰভোগত জন আশীর্বাদ যাত্রাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। যোৱা ২৮ ফেব্ৰুৱাৰীত ঢেকীয়াজুলি সমষ্টিৰ পৰা আৰম্ভহোৱা প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ সফল সমাপ্তিৰ পিছত অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ এই যাত্রাতো সৰ্বস্তৰৰ ৰাইজে ব্যাপক সঁহাৰি প্ৰাদনেৰে মুখ্যমন্ত্ৰীগৰাকীক প্ৰদান কৰিলে শুভাশিস। ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বিজেপি প্রার্থী তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক লৈ পুৱা সৰভোগৰ ঐতিহাসিক গৰখীয়া থানত সেৱা লৈ মুখ্যমন্ত্রী ড° শৰ্মাই আৰম্ভ কৰা এই জন আশীর্বাদ যাত্রাই কলহভঙা, আমতলা, খৈৰাবাৰী, শিমলাগুৰি, বাবুপাৰা, বৰপেটাৰোড দুর্গাবাৰী, কালীবাৰী মন্দিৰ, হাউলী চ’ক আৰু শ্বহীদ বেদী, হাউলী ৰাস মন্দিৰ, ভৱানীপুৰ, মাহতলী আদি অঞ্চল সামৰি ঐতিহাসিক ভৱানীপুৰ সত্ৰত সামৰণি পৰে। সমগ্ৰ যাত্রাপথত ৰাইজে শৰাই, গামোচা-পুষ্পবৃষ্টিৰে মুখ্যমন্ত্রীক শুভেচ্ছা জ্ঞাপন কৰে।

পথৰ দুয়োকাষে সমৱেত ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাই বিজেপিৰ প্ৰতি আস্থা আৰু বিশ্বাস প্রকাশ কৰে। জন আশীৰ্বাদ যাত্ৰাৰ পথতঠায়ে ঠায়ে সমৱেত জনতাক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্রীয়ে সমাগত নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্রজোটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ৰাইজৰ আশিস শিৰতলৈ অহা ৯ এপ্ৰিলৰ নিৰ্বাচনত বিজেপি আৰু মিত্রদলে অভিলেখসংখ্যক ভোট লাভ কৰি জয়যুক্ত হ’ব আৰু দিছপুৰত পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হৈ ৰাইজৰ সেৱাত ব্ৰতী হ’ব। প্ৰবল বৰষুণকো নেওচি জনতাৰ অভূতপূর্ব সঁহাৰিৰে জন আশীর্বাদ যাত্রাক জনসমুদ্ৰত পৰিণত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ভৱানীপুৰ-সৰভোগবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

ৰাইজৰ এই উৎসাহ আৰু আশিসেই মূল প্ৰেৰণা আৰু মনোবল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- জনতাৰ এই সৰগীয় আশীৰ্বাদ শিৰত লৈয়েই এক আলোকোজ্জ্বল অসম গঢ়াৰ বাবে আমি সংকল্পবদ্ধ। বয়োজ্যেষ্ঠসকলৰ সক্রিয় অংশগ্রহণে এই যাত্ৰাত গুৰুত্ব বৃদ্ধি কৰিছে। জন আশীর্বাদ যাত্ৰালৈ ৰাইজে জনোৱা এই অভূতপূর্ব সমর্থনে সৰভোগ আৰু ভৱানীপুৰবাসীয়ে এক স্পষ্ট বার্তা দিলে যে ৰাইজ বিকাশৰ লগত, ৰাইজ বিজেপিৰ লগত।তেওঁ কয়- বিকাশৰ বন্তিগছিক জনতাৰ আশীর্বাদে আজি অধিক প্রজ্বলিত কৰি তুলিছে আৰু ভিন্নৰঙী প্রকাশেৰে অসম এতিয়া এখন অটল-অবিচল আৰু অগ্রগামী ৰাজ্যত পৰিণত হৈছে।

চৌদিশে বিয়পি পৰা এই আনন্দ আৰু নতুন আশাই আগন্তুক দিনত অসমৰ সুৰক্ষা আৰু উন্নয়নৰ প্ৰতিজ্ঞাক অধিক শক্তিশালী কৰিব। ইয়াৰ পূৰ্বে আজি ভৱানীপুৰ চ’কৰ পৰা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ পথেৰে ঐতিহাসিক কলবাৰী গাঁৱৰ শ্ৰীশ্ৰীৰামচৰণ ঠাকুৰ আতা সত্ৰত সেৱা জনাই মুখ্যমন্ত্ৰীয়ে সত্ৰৰ ভকত-বৈষ্ণৱৰ আশীৰ্বাদ গ্রহণ কৰে। কলবাৰীৰ পৰা সৰুপেটালৈ যাত্ৰা আৰম্ভ কৰি সৰুপেটা বজাৰৰ মাজেৰে বিজেপিৰ ভৱানীপুৰ মণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ নেতা আৰু ৰাইজৰ সৈতে মত বিনিময় কৰে।