আকাশত  তীব্ৰ   মেঘৰ   গাজনি  – পৰিস্মীতা  বৰা

Pc Britannica

 আকাশত  তীব্ৰ   মেঘৰ   গাজনি  

পৰিস্মীতা  বৰা
ধোৱাচলা গড়  , মাজুলী 

মুষলধাৰে  নামিছে বৰষুণ ।
বাৰিষাৰ  বানে  ফেনে  ফুটুকাৰে
উতুৱাই আনিছে সকলোবোৰ  ।।
চাৰিওফালে কেৱল আৰ্তনাদ আৰু  আৰ্তনাদ
ইটোৰ পাছত সিটো পজা
বিলীন হৈ গৈছে গভীৰ ব্ৰহ্মপুত্ৰৰ বুকুত ।।
কাৰ আৰ্তনাদ কোনে শুনিব ,
কাৰোবাৰ   অন্তৰৰ    বেদনা   কোনে    বুজিব ,,
কেৱল শুনিব আৰ্তনাদ আৰু আৰ্তনাদ ।।
সৌৱা  দেখিছা  বালিচৰটো
তাতে আছিল মোৰ নিৰলা পজাঁ  ,
দেখিছিলো সপোনৰ পজাঁতি  সঁজাৰ ।
কিন্তু হঠাৎতে অহা ঢল বাৰিষাৰ বানে
তচ্‌নচ্‌ কৰি থৈ গ’ল সকলোবোৰ ।।
তথাপিও  অতীতক পাহৰি নতুনক সামৰি
আৰম্ভ কৰিছো নতুন জীৱনৰ যাত্ৰা ।