বিহালীত প্ৰচাৰ চলাব প্রধানমন্ত্রী মোদীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- সমাগত বিধানসভা নিৰ্বাচনৰ বাবে অধিক তৎপৰ হৈ পৰিছে বিজেপি। অসমত নির্বাচনী ৰণশিঙা বজোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা এপ্রিল মাহৰ প্ৰথম সপ্তাহত বিহালী বিহালীৰ বৰালীমাৰা পথাৰত সম্বোধন কৰিব এখন বিশাল জনসভা। এই জনসভাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে। প্রধানমন্ত্রী মোদীয়ে প্ৰধানতঃ উত্তৰ অসমৰ ৫ সমষ্টি ক্ৰমে বিহালী, নদুৱাৰ, বিশ্বনাথ, গহপুৰ আৰু বিহপুৰীয়াৰ প্ৰাৰ্থীসকলৰ হৈ বৰালিমৰা পথাৰত অনুষ্ঠিতব্য এই জনসভাৰ বাবে প্ৰচাৰ চলাব। জনসভাখনত প্ৰস্তুতিৰ অংশ হিচাপে বৰালিমৰাত উপস্থিত হয় শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, গহপুৰৰ প্ৰাৰ্থী তথা বিধায়ক উৎপল বৰা, বিশ্বনাথৰ প্ৰাৰ্থী পল্লৱলোচন দাস, বিহালীৰ প্ৰাৰ্থী মুনীন্দ্ৰ দাস আৰু বিশ্বনাথ জিলা বিজেপিৰ সভাপতি অসীম দাসসহ কেইবাজনো দলীয় নেতা। তেওঁলোকে জনসভাখনৰ স্থান পৰিদৰ্শন কৰাৰ লগতে প্ৰস্তুতিৰ বিভিন্ন দিশ তদাৰক কৰে। এই বিশাল জনসভাখনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব।
