জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তৰ চাৰ্জফ্ৰেমৰ শুনানি আৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তৰ চাৰ্জফ্ৰেমৰ শুনানি শুকুৰবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে । উল্লেখ্য যে শুকুৰবাৰে চৰকাৰী অধিবক্তাৰ দলৰ তৰফৰ পৰা আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে চার্জ শুনানি সম্পন্ন হয়। হত্যাকাণ্ডটোৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তৰ অধিবক্তায়ো আদালতত বিভিন্ন যুক্তি দর্শায় যদিও আধৰুৱাকৈহে যুক্তি প্ৰদৰ্শন কৰে। উল্লেখ্য যে হত্যাকাণ্ডটোৰ অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যই গোচৰটোৰ পৰা ৰেহাইৰ দাবীৰে কৰা আবেদন সন্দৰ্ভতো চৰকাৰী লোক অধিবক্তাই বিৰোধিতাৰে যুক্তি দর্শায়। আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে চৰকাৰী অধিবক্তাই চার্জ ফ্রেমিঙৰ সকলো পদক্ষেপ সম্পূর্ণ কৰে। অহা ৩০ মাৰ্চত আদালতে পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে। উক্ত দিনাই আদালতে অভিযুক্তসকলৰ অধিবক্তাৰ শুনানি গ্রহণ কৰিব। উল্লেখ্য যে আজিও সাত অভিযুক্ত ক্রমে শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধার্থ শর্মা, অমৃতপ্রভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ভার্চুৱেলী আদালতত হাজিৰ কৰা হয়। পূৰ্বৰ দৰেই আজিও আদালত চৌহদত উপস্থিত হৈ শুনানিত অংশ লয় শিল্পী পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গার্গে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়প্ৰাপ্তিৰ বাবে চৰকাৰী লোক অধিবক্তাৰ দলে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।
