বিশাল জনসমুদ্ৰৰ মাজেৰে মনোনয়ন দাখিল মুখ্যমন্ত্ৰীৰ 

বিশাল জনসমুদ্ৰৰ মাজেৰে মনোনয়ন দাখিল মুখ্যমন্ত্ৰীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- গেৰুৱাময় হৈ পৰিল মহানগৰীৰ ৰাজপথ। গুৱাহাটী মহানগৰীক গেৰুৱা কৰি জনসমুদ্ৰৰ জনযাত্ৰাৰে জালুকবাৰী সমষ্টিৰ বাবে মনোনয়ন-পত্র দাখিল কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী হিচাপে প্ৰথমবাৰৰ বাবে আৰু সপ্তমবাৰৰ বাবে জালুকবাৰী সমষ্টিৰ পৰা মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিলে পত্নী ৰিণিকি ভূঞা শর্মা, পুত্র নন্দিল বিশ্ব শর্মা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিৰ লগতে লক্ষাধিক কার্যকর্তা-সমর্থকে। কাৰ্যতঃ মুখ্যমন্ত্ৰীৰ মনোনয়ন দাখিলৰ পৰ্বই একপ্ৰকাৰ জোৱাৰৰ সৃষ্টি কৰি সমগ্র গুৱাহাটীত বিজেপিৰ সমৰ্থনৰ ঢৌ বোৱাই দিয়াই নহয়, মনোনয়ন দাখিলৰ বৃহৎ সমদলেৰে আৰম্ভ হ’ল শাসকীয় দলটোৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। প্রতিকূল বতৰৰ মাজতো শুক্ৰবাৰে পুৱাৰ ভাগতে মুখ্যমন্ত্ৰীৰ মনোনয়ন দাখিল পর্বত ভাগ ল’বলৈ গুৱাহাটীৰ পাঁচোটা সমষ্টিৰ লগতে শুৱালকুছি-হাজো, পলাশবাৰীৰ উপৰি আন কেইবাটাও সমষ্টিৰ পৰা কাৰ্যকৰ্তা আৰু সমর্থকে আহি ভিৰ কৰে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত।

হাতে হাতে বিজেপিৰ পতাকা লৈ মনোনয়ন পর্বত উপস্থিত হ’বলৈ অহা বিশাল কাৰ্যকৰ্তাৰ ভিৰে গুৱাহাটীৰ সমগ্ৰ পথছোৱা গেৰুৱা কৰি তোলাই নহয়, কিনকিনীয়া বৰষুণৰ মাজতো হিলদ’ল ভাঙি গুৱাহাটীৰ বিভিন্ন বাৰ্ডৰ পৰাও ওলাই আহিল আবাল বৃদ্ধ-মহিলা। উল্লেখ্য যে জালুকবাৰী সমষ্টিৰ পৰা মনোনয়ন দাখিলৰ পূৰ্বে মুখ্যমন্ত্রী ড° শর্মাই কাহিলিপাৰাৰ বাসগৃহত উপস্থিত হৈ মাতৃ মৃণালিনী দেৱীৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ গ্রহণ কৰে।  উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ মনোনয়ন দাখিলৰ বাবে খানাপাৰাত উপস্থিত হোৱা সমর্থকসকলৰ মাজত দেখা গ’ল ব্যাপক উৎসাহ। প্রতিকূল বতৰক নেওচি উদ্যম, আশা আৰু উৎসাহেৰে প্ৰতিগৰাকী সমর্থক উজলি উঠা পৰিলক্ষিত হ’ল। বৰষুণে ম্লান কৰিব নোৱাৰা ৰাইজৰ মৰম-উৎসাহৰ মাজতে মুখ্যমন্ত্রীয়ে খানাপাৰাৰ খেলপথাৰৰ পৰা হেঙেৰাবাৰীস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়লৈ মনোনয়ন দাখিলৰ বাবে সমদলেৰে আগবাঢ়ে।

ইয়াৰ পূৰ্বে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত পৰিলক্ষিত হ’ল এক উৎসৱমুখৰ পৰিৱেশ। বিহু নাচনী আৰু ঢুলীয়াৰ বিহুগীত-ঢোলত ৰজনজনাই উঠিল সমগ্ৰ খেলপথাৰ। হাতে হাতে পুষ্পপত্র লৈ মুখ্যমন্ত্রীক সম্ভাষণ জনাবলৈ শাৰীপাতি থিয় হৈ থকা দেখা গ’ল লক্ষাধিক মহিলাক। সমদল উলিওৱাৰ পূর্বে মুখ্যমন্ত্রীয়ে সমর্থকক উদ্দেশ্যি কয়- আপোনালোক সকলোৰে পৰা মই আশীর্বাদ বিচাৰিছোঁ, যাতে জালুকবাৰী সমষ্টিত আমি পুনৰ এবাৰ বিজয় হ’ব পাৰোঁ আৰু অসমত আমি বিজেপি চৰকাৰ গঠন কৰিব পাৰোঁ। ভাৰত মাতা কী জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ, বন্দে মাতৰম্, বিজেপি জিন্দাবাদ, জয় জয় শ্রীৰাম ধ্বনিৰে আৰম্ভ কৰা এই সমদলক আগুৱাই নিয়ে একাধিক সাংস্কৃতিক গোষ্ঠীয়ে। বিহু, জনগোষ্ঠীয় গীত-নৃত্যৰ মাজেৰে এখন খোলা বাহনত মুখ্যমন্ত্রীয়ে মনোনয়ন দাখিলৰ বাবে যোৱা সমদলত অংশ ল’লে লক্ষাধিক উৎসাহিত সমর্থক-কার্যকর্তাই। জনসমুদ্রত পৰিণত কৰি খানাপাৰাৰ পৰা গণেশগুৰিলৈ আগবঢ়া এই বিশাল সমদলত দেখা গ’ল যুৱক-মহিলাৰ ব্যাপক অংশগ্রহণ।প্রায় সকলো সম্প্ৰদায়ৰ জনতাই আজি মুখ্যমন্ত্ৰীগৰাকীক মনোনয়ন প্ৰদানৰ বাবে আদৰি অনা পৰিলক্ষিত হ’ল। মুখ্যমন্ত্ৰীগৰাকীক মনোনয়ন দাখিলৰ সময়ত সংগদান দিয়া পত্নী ৰিণিকি ভূঞা শর্মাই লক্ষাধিক সমৰ্থকৰ এনে সমদল দেখি আপ্লুত হৈ ক’লে-জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰীয়ে সদায় পৰিয়ালৰ মুৰব্বী হিচাপে চাই আহিছে।

যোৱা ২৫ বছৰে সমষ্টিটোৰ বাবে মুখ্যমন্ত্রীয়ে দিন-ৰাতি লাগি আছে। জালুকবাৰী আমাৰ বাবে সমষ্টি নহয়, এটা বৃহৎ পৰিয়াল। গতিকে পৰিয়ালৰ মুৰব্বীগৰাকীয়ে ওলাই অহা বাবে আজি সদস্যসকলে তেওঁক সমর্থন দিবলৈ ওলাই আহিছে। আনহাতে আজি পিতৃৰ মনোনয়ন দাখিলত সংগ দি উৎফুল্লিত হৈ পৰা পুত্ৰ নন্দিল বিশ্ব শর্মাই কয়- মই আজি যথেষ্ট সুখী। সকলো কাম সুচাৰুৰূপে সম্পন্ন হৈছে, তাৰ বাবে সকলোকে ধন্যবাদ। দেউতাই জালুকবাৰী সমষ্টিৰ পৰা উলিয়াবলগা ৰেলীত নিশ্চয় অংশ ল’ম। কামৰূপ মহানগৰ জিলা আযুক্তৰ হাতত মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্রীক আইনী সহায় কৰে দেৱজিৎ লন শইকীয়াই। মনোনয়ন দাখিলৰ অন্তত মুখ্যমন্ত্রী ড° শর্মাই কয়- অসমবাসী ৰাইজৰ মই শুভেচ্ছা কামনা কৰিছোঁ। বিজেপি আৰু মিত্ৰদলৰ প্রার্থীসকলক আশীর্বাদ কৰিবলৈ অসমবাসী ৰাইজক বিনম্রতাৰে অনুৰোধ জনাইছোঁ। তেওঁ ইয়াকো উল্লেখ কৰে ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে মই জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি প্ৰায় ১২ হাজাৰ ভোটত মই পৰাজিত হৈছিলোঁ। পৰৱৰ্তী সময়ত ২০০১ চনত, ২০০৬ চনত, ২০১১ চনত, ২০১৬ চনত আৰু ২০২১ চনত সমষ্টিটোৰ পৰা মই জয়লাভকৰিছোঁ। এইবাৰ সমষ্টিটোৰ কিছু পৰিৱৰ্তন হৈছে যদিও মই ভাবোঁ আগৰদৰেই ৰাইজে মোক আশীৰ্বাদ দিব। পুনৰ গঠিত সমষ্টিটোৰ ৰাইজৰ পৰা মই আগৰ দৰেই শুভেচ্ছা আৰু আশীৰ্বাদ বিচাৰিছোঁ।