নিস্তব্ধ নিশাৰ আৱেগ – ৰাখী মণি কলিতা

Pc Pexels

নিস্তব্ধ নিশাৰ আৱেগ

ৰাখী মণি কলিতা ,হাজৰিকাপাৰা 

নিস্তব্ধ নিশাৰ নিবিড় আধাৰত
যেতিয়া মনৰ দুৱাৰখন খোল খাই,
আৱেগে তেতিয়া গোপনে আহি
স্মৃতিৰ দস্তাবেজ খোলে।
হৃদয়ৰ গহন গহ্বৰত
যেতিয়া স্মৃতিৰ শিকলি সৰি পৰে,
আৱেগে তাতেই সুগন্ধি বতাহ হৈ
অতীতক সজীৱ কৰি তোলে।
অনুভৱৰ অক্ষৰবোৰে
মনৰ মাজত জীৱন্ত ৰূপ লয়।
অতীতৰ পৃষ্ঠাবোৰত
নিঃশব্দে শব্দৰ স্পন্দন জাগে।
আৱেগ কেতিয়াবা দহনশিখা
অন্তৰৰ আকাশত জ্বলি উঠা দীপ্ত নক্ষত্ৰ,
যিয়ে মানুহক অন্ধকাৰৰ মাজতো
সাহসৰ দিশ দেখুৱায়।