অগপই প্ৰকাশ কৰিলে ২৬জনীয়া প্রার্থী তালিকা

অগপই প্ৰকাশ কৰিলে ২৬জনীয়া প্রার্থী তালিকা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপিৰ পিছতে শাসকীয় মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ  আঞ্চলিক দল অসম গণ পৰিষদ (অগপ)-এ প্ৰকাশ কৰিলে ২৬জনীয়া প্রার্থী তালিকা। এনডিএৰ সিদ্ধান্ত অনুসৰি দলটোৱে আগন্তুক বিধানসভা নির্বাচনত ২৬টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব। অর্থাৎ একেখন তালিকাতে অগপই আটাইকেইজন প্রার্থীৰ নাম সন্নিবিষ্ট কৰিছে। দলৰ সভাপতি অতুল বৰাই স্বাক্ষৰ কৰা তালিকা অনুসৰি বোকাখাতত তেওঁ নিজে প্রতিদ্বন্দ্বিতা কৰিব। সেইদৰে কলিয়াবৰত পুনৰ প্রার্থিত্ব লাভ কৰিছে অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্তই। আন প্রার্থীসকল হ’ল- বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী তথা বৰ্তমানৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী, বৰপেটাত দীপক কুমাৰ দাস, টীয়কত বিকাশ শইকীয়া, ডিমৰীয়াত ড° তপন দাস, তেজপুৰত বিধায়ক পৃথ্বিৰাজ ৰাভা, বজালীত ধর্মেশ্বৰ ৰায়, হাজো-শুৱালকুছিত প্রকাশ চন্দ্র দাস, শিৱসাগৰত প্রদীপ হাজৰিকা, নাওবৈচাত বসন্ত দাস, বিলাসীপাৰাত জীৱেশ ৰয়, সোণাইত কৰিমুদ্দিন বৰভূঞা, দক্ষিণ কৰিমগঞ্জত ইকবাল হুছেইন, মানকাচৰত জাবেদ ইছলাম, গোৱালপাৰা পূবত আব্দুল ৰহিম জিব্রান, আলগাপুব-কাটলিচেৰাত জাকিৰ হুছেইন লস্কৰ, বিন্নাকান্দিত স্বাহাবুদ্দিন মজুমদাৰ, ৰূপহীহাটত জাকিৰ হুছেইন ফাৰাজী, লাহৰীঘাটত খলিলিৰ ৰহমান, সৃজনগ্রামত ছহিদুল ইছলাম, চেঙাত ছাদ্দাম হুছেইন, ছমৰীয়াত নুৰুল ইছলাম, পাকা-বেতবাৰীত ডাঃ তাবাপ্রসাদ দাস, জলেশ্ববত আবু শাহ শাহী হোছেইন আৰু গৌৰীপুৰত মেহতাবুল হক। লক্ষণীয়ভাবে অগপৰ প্রার্থী তালিকাত এইবাৰ কেইবাজনো জ্যেষ্ঠ নেতাই বঞ্চিত হোৱাৰ বিপৰীতে একাংশ নতুন মুখে স্থান লাভ কৰিছে। তদুপৰি দলত নতুনকৈ যোগদান কৰা নেতাৰ নামো সন্নিবিষ্ট হৈছে প্রার্থী তালিকাত। টিকটবঞ্চিত হোৱাসকলৰ ভিতৰত অন্যতম হৈছে ৰমেন্দ্র নাৰায়ণ কলিতা, ডাঃ কমলা কলিতা, বেণুপমা ৰাজখোৱা, ভবেন্দ্রনাথ ভৰালী আৰু পোনাকণ বৰুৱা। সেইদৰে দলত নতুনকৈ যোগদান কৰিয়েই হাজো-শুৱালকুছিত প্রকাশ চন্দ্র দাস, নাওবৈচাত বসন্ত দাস, সোণাইত কৰিমুদ্দিন বৰভূঞৱ আৰু আলগাপুৰ-কাটলিচেৰাত জাকিৰ হুছেইন লস্কবে অগপৰ টিকট লাভ কৰিবলৈ সক্ষম হৈছে।