সৰাপাতৰ ঠিকনা বিচাৰি
ৰুক্মিণী দাস,শ্ৰীহাটী
সৰাপাতৰ ঠিকনাত
ভাহি আহে
তেজৰঙী এটি মিঠা ভাৱনা
নিৰৱতাটো বতাহে
দিয়েহি
আহি যেন প্ৰেমৰ ঠিকনা ।।
স্মৃতিৰ সঁফুৰা বোৰ
বুকুত নীৰৱে থৈ
ফাগুনৰ জুই ফুল বোৰ
আলফুলে দিম চটিয়াই
ফাগুন অহাৰ বাটে বাটে
মইও যাম কিজানি সেই বাটেৰেই ।
সৰাপাতে দিয়ে
পদুলি পদুলি
ব’হাগৰ চিঠি বোৰ
কাৰণ ব’হাগ যে আমাৰ
অতি আদৰৰ অতি হেঁপাহৰ অতিকৈ প্ৰাণৰ ।
