বিশ্ব কবিতা দিৱস ২১মাৰ্চ আৰু আধুনিক কবিতাৰ এটি টোক – অনামিকা( সংগীতা) কলিতা

Pc Writing Forward

বিশ্ব কবিতা দিৱস ২১মাৰ্চ আৰু আধুনিক কবিতাৰ এটি টোক

অনামিকা( সংগীতা) কলিতা,শুৱালকুছি

বিশ্ব কবিতা দিৱস ২১মাৰ্চত গোটেই বিশ্বতে পাল কৰা হয়।কবি আৰু কবিতা এক আত্মীক সম্পৰ্ক আছে।কাৰণে সৃজনীশীল সাহিত্যত লেখকৰ নিজস্ব  কৌশল থাকে , ভাবপ্ৰৱণতা থাকে ,যাৰ যোগেদি  কোনো এটা ঘটনা  পাঠকৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰে কবি গৰাকীয়ে। কবিতা হৃদয়ৰ অনুভৱ কবিৰ কলমৰ কাপেৰে নিগৰি আহে—–

গতিকে  কবিতা হ’ল কবিৰ মনৰ পথাৰৰ সৃষ্টিৰ সমল। সাধাৰণ পাঠকৰ দৃষ্টিত নপৰা একো একোটা  সাধাৰণ বস্তুৰো  মহত্ব পূৰ্ণ  দৃষ্টিভংগীৰে সুনিপুণ ৰূপত সজাই পৰাই  তোলে কবিয়ে কবিতাৰ মাধ্যমেৰে।কবি নলিনীবালা দেৱীৰ কবিতাবোৰ আধ্যাত্মিকতাৰ লগতে ৰোমান্টিক আৰু প্ৰকৃতিৰ পৰস বিচাৰি পোৱা যায়। বিহগী কবি  ৰঘুনাথ চৌধাৰীৰ কবিতাবোৰ (চৰাই,ফুল) প্ৰকৃতিৰ ওপৰত লেখা।

কিন্তু সাম্প্ৰতিক অসমীয়া কবিতাৰ ধাৰা বুলি কওঁতে আধুনিক অসমীয়া কবিতাৰ কথাকে বুজি পাওঁ। আধুনিক কবিতাৰ ধাৰা গতিশীল।  উনবিংশ শতিকাৰ শেষৰ দশকৰ পৰা বিংশ শতিকাৰ প্ৰথম চাৰিটা দশকৰ ভিতৰত অসমীয়া কবিতাৰ বন্যাই ব্যাপক ৰূপ লোৱাৰ পিছত অসমীয়া কবিতাৰ গতি আৰু প্ৰকৃতি সলনি হ’বলৈ ধৰে।সময়ৰ ঐতিহাসিক ঘটনবোৰৰ প্ৰত্যক্ষ আৰু প্ৰভাৱৰ ফলত অসমীয়া কবিতাই ৰোমান্টিক আৱেষ্টনীৰ পৰা ওলাই  আনি কবি সকলে আধুনিক ৰূপত  উপস্থাপন কৰে ।

কবিতাৰ ক্ষেত্ৰত আধুনিকীকৰণ সহজ সাধ্য নহয়। কবিৰ মনৰ জগত  পাঠকৰ ৰুচি-অভিৰুচি মনৰ মাজত  একে সময়তে ভুমুকি মাৰে  চিন্তা অনুভূতিৰ আদান-প্ৰদান ঘটে তেতিয়া আধুনিক কবিতাৰ স্বীকৃতি  পাই আৰু সেইবোৰ কবিতাতে আধুনিক কবিতা বোলে। আধুনিক কবিতাবোৰ যদি অধ্যয়ন কৰো  কবিসকলৰ কিছু  ধাৰা দেখিবলৈ পাওঁ।

১)প্ৰতীক আৰু চিত্ৰকল্পবাদী ধাৰা ।
২)মাক্সীয় চিন্তাৰ ধাৰা।
৩)নি:সঙ্গতা আৰু বিছিন্নতাবোধেৰে সমৃদ্ধ কবিতাৰ ধাৰা।
৪)অন্তৰ্মুখী কবিতাৰ ধাৰা।
৫)লোকজীৱন আৰু সংস্কৃতিৰ ধাৰা।
৬)নৱ্য -ৰোমান্টিক ভাৱ প্ৰৱণতাৰ ধাৰা।

বিশিষ্ট কবি সাহিত্যিক নৱকান্ত বৰুৱাৰ  কবিতাৰ বিষয়বস্তু আৰু আঙ্গিকত অভিনৱত্ব,ভাববস্তু আৰু ৰূপবস্তু এক অপূৰ্ব  সমন্বয় পৰিলক্ষিত হয়। প্ৰতীক আৰু চিত্ৰকল্পৰ সাৰ্থক প্ৰয়োগ তেওঁৰ কবিতাত অনুভৱ কৰো ।

হেম বৰুৱা,বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইত্যাদি বিশিষ্ট কবি সাহিত্যিকৰ কবিতাত মাক্সীয় ভাবধাৰাৰে সিক্ত সমাজ সচেতন দৃষ্টিভংগীৰ পৰিচয় পোৱা যায়।

এগৰাকী বিশিষ্ট কবি হীৰেন্দ্ৰ নাথ দত্তৰ কবিতাৰ নিসংঙ্গতাৰ ভাব ফুটি উঠিছে।

বিশিষ্ট কবি নীলিম কুমাৰৰ কবিতাত অন্তৰ্মুখী ভাবধাৰাৰ পৰিচয় পাঠক সমাজেবিচাৰি পাইছে ।

বিশিষ্ট   কবি উদয় কুমাৰ শৰ্মাৰ কবিতাত লোক জীৱন আৰু সংস্কৃতিৰ এক নৱ কাব্যৰূপ প্ৰদানৰ প্ৰয়াস কৰা দেখা যায়।

বিশিষ্ট কবি  প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাত ৰোমান্টিক ভাব-চিন্তাই নতুন ৰূপত আত্মপ্ৰকাশ কৰিছে।

 এনেদৰেই চালে দেখা যায় প্ৰতীকবাদ,চিত্ৰকলাবাদ, নৱ ৰোমান্টিক বাদ,সমাজবাদ ইত্যাদি বিবিধ চিন্তাই আধুনিক অসমীয়া কবিসকলৰ কবিতাত প্ৰকাশ পাইছে। আধুনিক অসমীয়া কবিতা বোৰ বুজি পোৱাত ইমান সহজ নহয়। কিছুমান কবিতা পাঠকৰ  হৃদয়ৰ মাজেৰে প্ৰবেশ  কৰে আৰু কিছুমান  মগজুৰ দুৱাৰেৰে প্ৰবেশ কৰে। গতিকে হৃদয়ৰ আবেগ মনৰ দাপোণ।