জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে ফাষ্টট্ৰেক আদালত গঠন
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৬ মাহ সম্পূৰ্ণ হৈছে । ৬ মাহে চলি থকা বিভিন্ন দাবী আৰু জল্পনা-কল্পনাৰ অন্তত গঠন হ’ল ফাষ্টট্ৰেক আদালত । জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰত এক গুৰুত্বপূৰ্ণ উন্নয়নত গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন বিশেষ ফাষ্ট-ট্রেক আদালত গঠন কৰিছে, যিয়ে দৈনিক ভিত্তিত শুনানি চলাই বিচাৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিব। বাক্সাৰ জিলা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ তত্বাৱধানত চলিব গোচৰৰ শুনানি ।মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত এক পোষ্টৰ জৰিয়তে এই সিদ্ধান্তৰ কথা জনায়। তেওঁ জনোৱা মতে, আদালতৰ মুখ্য ন্যায়াধীশে বর্তমান বাক্সা জিলাৰ জিলা ন্যায়াধীশ হিচাপে কাৰ্যৰত শর্মিলা ভূঞাক এই বিশেষ ফাষ্ট-ট্রেক আদালতৰ দায়িত্ব অর্পণ কৰিছে। এই আদালতে এই গোচৰটোত দৈনিক শুনানি অনুষ্ঠিত কৰিব, যাৰ ফলত বিচাৰ প্ৰক্ৰিয়া অধিক দ্রুতগতিত আগবাঢ়িব। মুখ্যমন্ত্ৰী গৰাকীয়ে এই পদক্ষেপক “নির্ণায়ক” বুলি উল্লেখ কৰি কয় যে, ইয়াৰ জৰিয়তে ন্যায়িক প্ৰক্ৰিয়া যথেষ্ট ত্বৰান্বিত হ’ব আৰু সময়মতে ন্যায় প্রদান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত হ’ব। তেওঁ লগতে ন্যায়াধীশ আশুতোষ কুমাৰক ধন্যবাদ জনাই কয় যে ন্যায়ৰ স্বাৰ্থত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে তেওঁ গভীৰ কৃতজ্ঞতা প্রকাশ কৰিছে। উল্লেখ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সন্দৰ্ভত ফাষ্টট্ৰেক আদালত গঠনৰ দাবী বহু দিনৰ পৰা চলি আছে । প্ৰিয় শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে তেওঁৰ পৰিয়ালেও দীৰ্ঘদিন ধৰি ফাষ্টট্ৰেক আদালতৰ দাবী জনাই আহিছে । কেৱল এয়াই নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত একেটা দাবীৰে প্ৰতিবাদো অব্যাহত ৰাখিছিল অনুৰাগীসকলে । অৱশ্যে এতিয়া ফাষ্টট্ৰেক আদালত গঠন কৰাৰ লগে লগে বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হোৱাৰ লগতে প্ৰিয় শিল্পীগৰাকীয়ে সোনকালে ন্যায় পাব বুলিও সকলোৱে আশা কৰিছে ।
