কংগ্ৰেছৰ পৰা পদত্যাগ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভাৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্রেছত মোক্ষম আঘাত। কংগ্ৰেছৰ শক্তিশালী নেতা প্ৰদ্যুৎ বৰদলৈয়ে ত্যাগ কৰিলে কংগ্ৰেছ ।মঙলবাৰে নিশা মল্লিকাৰ্জুন খৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। দীর্ঘদিন ধৰি কংগ্ৰেছৰ সৈতে জড়িত থকা বৰদলৈৰ এই সিদ্ধান্তই ৰাজ্যৰ ৰাজনীতিত ব্যাপক আলোড়ন সৃষ্টি কৰিছে। দুদিন পূৰ্বে নিজৰ অসন্তুষ্টি ব্যক্ত কৰি সাংসদগৰাকীয়ে অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জীতেন্দ্ৰ সিঙলৈ পত্র প্ৰেৰণ কৰি দলত্যাগৰ ভাবুকি প্ৰদান কৰিছিল । সেই পত্রৰ পাছতে ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি হৈছিল । আৰম্ভ হৈছিল বহু জল্পনা-কল্পনা । অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ত্যাগ কৰিলে কংগ্ৰেছ । অতি চমু পদত্যাগ পত্রত প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘‘আজি অতিশয় দুখৰ অনুভূতিৰে মই ইয়াৰ দ্বাৰা মোৰ সকলো পদ, বিশেষাধিকাৰ আৰু কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিলো ।’’ উল্লেখযোগ্য যে প্রদ্যুত বৰদলৈ কংগ্ৰেছৰ এজন জ্যেষ্ঠ আৰু প্ৰভাৱশালী নেতা হিচাপে পৰিচিত আছিল। তেওঁৰ এই পদক্ষেপে আগন্তুক নির্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে ডাঙৰ আঘাত হিচাপে গণ্য কৰা হৈছে। কংগ্ৰেছ চৰকাৰৰ সময়ত তেওঁ দীর্ঘকালীন মন্ত্রী আছিল।ইফালে মঙলবাৰে দিল্লীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ আহিলে ভাল এখন আসন দিয়া হ’ব বুলি মুকলিকৈ ঘোষণা কৰিছিল । তেনেস্থলত সাংসদগৰাকীয়ে বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।জানিব পৰা মতে আজিৰ দিনৰ ভাগত দিল্লীত বৰদলৈয়ে বিজেপিত যোগদান কৰিব আৰু সম্ভৱতঃ আজি ঘোষণা হব লগা বিজেপিৰ প্ৰাৰ্থিত্বৰ তালিকাত নাম সোমাব। চর্চা অনুসৰি অসমৰ এটা সন্মানীয় সমষ্টিত বৰদলৈয়ে নির্বাচন খেলিব। এতিয়া লক্ষ্য কৰিব লগা হল যে মাৰ্ঘেৰিটা টিকট লাভ কৰা বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈৰ কি হব। পিতৃয়ে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত পুত্ৰই কি বাট লব, তালৈ সকলোৱে বাট চাইছে।
